গুৱাহাটী,১৮ মে'- সোমবাৰে তিৰুমালাত এজন মৃত ভিক্ষাৰীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় ১০ লাখ টকা।
তিৰুমালাৰ তিৰুপতি দেৱস্থানমৰ (টিটিডি) বিষয়াসকলে শ্ৰীনিবাসচাৰী নামৰ ভীক্ষাৰীজনৰ ঘৰৰ পৰা বিভিন্ন ধৰণৰ মূল্যৰ মুদ্ৰা আৰু নোট উদ্ধাৰ কৰিছে,আনুমানিক ১০ লক্ষাধিক টকা পৰিমাণৰ টকাৰ ভিতৰত আছে বন্ধ হোৱা ৫০০ আৰু ১০০০ টকাৰ নোট,যি তেওঁ ভিক্ষা আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে উপাৰ্জন কৰি জীৱিকা নিৰ্বাহ কৰিছিল।
শ্ৰীনিবাসচাৰীক তিৰুমালাৰ ওচৰৰ শশচলম নামৰ এটা এলেকাত থাকিবলৈ এটা ঘৰ আৱণ্টন কৰা হৈছিল আৰু ২০০৭ চনৰ পৰাই তেওঁ তাত বাস কৰি আছিল। তেওঁ তেওঁৰ উপাৰ্জন এই ঘৰটোত লুকুৱাই ৰাখিছিল।
যোৱা বছৰ অসুস্থতাৰ বাবে তেওঁৰ মৃত্যুৰ পিছত আৰু পৰিয়ালৰ কোনো জ্ঞাত সদস্য নথকাৰ বাবে টিটিডিয়ে শ্ৰীনিবাসচাৰীক আৱণ্টন কৰা ঘৰটো পুনৰ অধিকাৰ কৰাৰ সিদ্ধান্ত লয় আৰু তাতেই উদ্ধাৰ হয় এই বুজন সংখ্যক ধন । গণনা কৰাৰ পিছত এই ধনখিনি টিটিডিৰ একাউন্টত জমা কৰা হৈছে ।
Comments