Cartoon
View Older
গুৱাহাটী,১৬ মে': ইজৰাইল আৰু পেলেষ্টাইনৰ গৃহযুদ্ধই এতিয়া পাইছে চৰম সীমা। সাধাৰণ নাগৰিকৰ পিছত এতিয়া গাজা চহৰত থকা আন্তঃৰাষ্ট্ৰীয় সংবাদগোষ্ঠীৰ ওপৰত ইজৰাইলে কৰিলে আক্ৰমণ। মিছাইলেৰে উৰুৱাই পেলোৱা হ'ল পেলেষ্টাইনৰ গাজা চহৰত থকা এটা সু-উচ্চ অট্টালিকা য'ত আছিল আমেৰিকাৰ জনপ্ৰিয় সংবাদগোষ্ঠী এছ'চিয়েটেড প্ৰেছ আৰু কাটাৰৰ আল-জাজিৰাৰ প্ৰান্তীয় কাৰ্য্যালয়।
ইজৰাইলৰ মতে গাজা স্ত্ৰীপৰ এই সমূহ সংবাদগোষ্ঠীয়ে ২০১৪ চনৰ পৰাই ইজৰাইল আৰু পেলেষ্টাইনী উগ্ৰপন্থীৰ মাজত হিংসা বৃদ্ধি কৰাত ইন্ধন যোগাই আহিছে ।
এই আক্ৰমণৰ এঘণ্টা আগতে ইজৰাইলী সামৰিক বাহিনীৰ পৰা টেলিফোনযোগে সতৰ্কবাণী দিয়া হৈছিল আৰু এঘণ্টাৰ পিছতেই ইজৰাইলী মিছাইলৰ দ্বাৰা এই ১২ মহলীয়া অট্টালিকাটো নিমিষতে ভাঙি পেলোৱা হৈছিল।
Comments