গুৱাহাটী,১৬ মে':ঘূৰ্ণী বতাহ ‘টৌক্টি’ৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে গোৱাত আজি গোটেই দিনটো ধুমুহা বতাহ, উচ্চ জোৱাৰ আৰু ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব। গোৱাৰ বেছিভাগ অঞ্চলতেই বিদ্যুৎ যোগান ব্যাহত হৈ আছে কিয়নো তীব্ৰ বতাহৰ বাবে বহুতো বৈদ্যুতিক খুটা উচ্ছেদ হৈছিল।
কেৰালাত মুষলধাৰ বৰষুণ আৰু উচ্চ জোৱাৰৰ ঢৌৱে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ ফলত চাৰিজন লোকৰ মৃত্যু হৈছে। এই ভয়ংকৰ পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে কভিডৰ বিপদাশংকা থকা স্বত্বেও শ শ পৰিয়ালক সাহায্য শিবিৰলৈ স্থানান্তৰিত কৰিবলৈ বাধ্য হৈছিল ।
ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে ইয়াৰ দলৰ সংখ্যা ৫৩ ৰ পৰা ১০০ লৈ বৃদ্ধি কৰিছে। এই দলবোৰক কেৰালা, কৰ্ণাটক, তামিলনাডু, গুজৰাট, গোৱা আৰু মহাৰাষ্ট্ৰৰ বাবে একত্ৰিত কৰা হৈছে।
উদ্ধাৰ অভিযানৰ বাবে ভাৰতীয় বায়ু সেনাই ১৬ খন পৰিবহন বিমান আৰু ১৮ খন হেলিকপ্টাৰ ষ্টেণ্ডবাই কৰি ৰাখিছে।
Source: Times of India
Comments