Classifieds
View All
গুৱাহাটী,১৭ মে': অসমৰ বিশিষ্ট চলচ্চিত্র পৰিচালক তথা সাংস্কৃতিক কৰ্মী শম্ভু গুপ্তাৰ আজি পুৱা দেহাৱসান ঘটে। বিশিষ্ট পৰিচালক গৰাকীৰ মৃত্যুত অসমৰ সাংস্কৃতিক আৰু চলচ্চিত্র জগতত এক অপূৰণীয় ক্ষতি হোৱা বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য দিয়ে।
লগতে মুখ্যমন্ত্রী গৰাকীয়ে পৰিচালক গুপ্তাৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহী আত্মাৰ সদগতি কামনা কৰে।
Comments