গুৱাহাটী, ১৭ মে': ধুবুৰী আৰু গৌৰীপুৰ আৰক্ষীৰ এটি যুটীয়াদলে এক বিশেষ অভিযান চলাই এজন বাংলাদেশী নাগৰিকসহ ১ লাখ টকা নকল নোট জব্দ কৰিবলৈ সক্ষম হয়। এক বিশেষ গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে উক্ত নকল ভাৰতীয় নোট জব্দ কৰে। আৰক্ষীৰ জনোৱা প্ৰতিবেদন অনুসৰি নকল নোট সহ গ্ৰেপ্তাৰ কৰা লোকজন বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ বাসিন্দা ওমৰ ফাৰুক বুলি চিনাক্ত কৰা হৈছে।
উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনায় যে, "দীৰ্ঘদিনৰ পৰা বাংলাদেশৰ ধৃত যুৱকজনে ভাৰত-বাংলাদেশ সীমান্তৰ ওপৰেৰে চোৰাংকৈ সৰবৰাহ কৰি আহিছিল। ধৃত ওমৰৰ সৈতে ধুবুৰী থানাৰ অন্তৰ্গত ঝাগ্ৰাৰপাৰ চতুৰ্থ খণ্ড গাঁৱৰ বাসিন্দা আমিৰ আলী আৰু দক্ষিণ শালমাৰাৰ বাসিন্দা চাহ আলম নামৰ লোক দুজন জড়িত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আমিৰ আলী আৰু চাহ আলমে ধৃত ওমৰক আশ্ৰয় প্ৰদান কৰি আহিছিল আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হোৱাত সহায় কৰি আহিছিল।
সমগ্ৰ ঘটনা সন্দৰ্ভত ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই কয় যে, "পুনৰ সক্ৰিয় হৈ উঠা নকল ভাৰতীয় নোট আৰু গৰু চোৰাং ব্যৱসায়ৰ সুংসূত্ৰ পাই আৰক্ষীয়ে অভিযান চলাই ধৃত বাংলাদেশী যুৱকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
Comments