Classifieds
View All
গুৱাহাটী,১৯ মে':ক'ভিড-১৯ য়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও চহৰৰ মাজ মজিয়াত ক'ভিড কেয়াৰ সেৱা কেন্দ্ৰ স্থাপন কৰে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।
এই ক'ভিড কেয়াৰ কেন্দ্ৰ মুকলি কৰি সাংসদগৰাকীয়ে কয়, "মই মোৰ সংসদীয় এলেকাৰ বৰ্ধিত ক'ভিডৰ প্ৰতি লক্ষ্য ৰাখি নগাঁওৰ মাজ মজিয়াত এই ক'ভিড কেয়াৰ চেণ্টাৰটো স্থাপন কৰাৰ সিদ্ধান্ত লৈছোঁ । এই ক'ভিড কেয়াৰ চেণ্টাৰে নিশ্চয় নগাঁৱৰ বৃহত্তৰ জনসাধাৰণক কিছুপৰিমানে হলেও সহায় কৰিব ।"
এই ক'ভিড কেয়াৰ চেণ্টাৰৰ পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে ভাস্কৰ গোস্বামীক আৰু সম্পাদকৰ দায়িত্ব দিয়া হৈছে মৃণাল হাজৰিকাক ।
Comments