Choose Language

  • All  
  • English
  • অসমীয়া

যোৰহাটত দীৰ্ঘদিনৰ পৰা ধন সংগ্ৰহ কৰি অহা ভুৱা অধিবক্তাক আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ


Published on May 19, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

ৰাজ্য চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠক সমাপ্ত:কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ 


Published on May 19, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী ১৯ মে':আজি অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ দ্বিতীয়খন কেবিনেট ইতিমধ্যে সমাপ্ত হৈছে।ক'ভিড পৰিস্থিতিৰ মাজত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।এই বৈঠকতে মুখ্যমন্ত্ৰীৰ হাতত মন্ত্ৰীসকলে যুগুত কৰা ৰাজ্যৰ প্ৰতিখন জিলাৰ কৰ'না পৰিস্থিতিৰ প্ৰতিবেদন জমা দিয়ে।কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী কেশৱ মহন্ত আৰু পীয়ুষ হাজৰিকাই সংবাদমেল সম্বোধন কৰি বৈঠকত লোৱা সিদ্ধান্তসমূহ অৱগত কৰে।উল্লেখযোগ্য যে, এই সিদ্ধান্তসমূহ ১ জানুৱাৰী, ২০২১ৰ পৰা কাৰ্যকৰী হ'ব যদিও বিত্তীয় বৰ্ষ হিচাপে ১ এপ্ৰিল, ২০২১ৰ পৰা ৩১ মাৰ্চ, ২০২২ ৰ পৰাহে প্ৰযোজ্য হ'ব। 

কেবিনেটত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত?

১)অধিবক্তা দেৱজিৎ শইকীয়াক ৰাজ্যৰ মহাধিবক্তা হিচাপে নিযুক্তি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ।

২)বিটিআৰ প্ৰধানৰ লগতে কাৰ্বি আংলং আৰু ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলক কেবিনেট পদমৰ্যাদা প্ৰদানৰ বাবে কেবিনেটে সিদ্ধান্ত লয়।

৩)ইতিমধ্যে বৰ্তি থকা তত্বাৱধায়ক মন্ত্ৰীৰ নামৰ পৰিৱৰ্তন কৰি অভিভাৱক মন্ত্ৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ। অভিভাৱক মন্ত্ৰীসকলে জিলাখনৰ উন্নয়নৰ সকলো দিশ তদাৰক কৰিব।

 

৪)ভৱিষ্যতে ক'ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত অক্সিজেনৰ যাতে অভাৱ নহয় তাৰবাবে কেবিনেটে সিদ্ধান্ত লয়।

৫)নতুনকৈ স্থাপন কৰা অক্সিজেন উৎপাদন উদ্যোগলৈ ১০০শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব।

৬)বন্ধ হৈ থকা অক্সিজেন উৎপাদন উদ্যোগ পুনৰ মুকলি  কৰিলেও ১০০ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব।

 

৭)বৰ্তমান চলি থকা এনে উদ্যোগৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰতো ১০০ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব।

৮)ইতিমধ্যে উৎপাদন চলাই থকা অক্সিজেন উৎপাদন উদ্যোগসমূহলৈ ২০ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব।

৯)ব্লেক ফাংগাছৰ বিষয়টোকলৈ স্বাস্থ্য বিভাগৰ সৈতে আলোচনা চলি আছে ৷ 

১০)এই সিদ্ধান্তসমূহ ১ জানুৱাৰী, ২০২১ৰ পৰা কাৰ্যকৰী হ'ব যদিও বিত্তীয় বৰ্ষ হিচাপে ১ এপ্ৰিল, ২০২১ৰ পৰা ৩১ মাৰ্চ, ২০২২ ৰ পৰাহে প্ৰযোজ্য হ'ব। 

Ad
Cartoon
View Older

 

November 27, 2022

most read news



    From Our Archive

    Create Account