Choose Language

  • All  
  • English
  • অসমীয়া

দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক'ভিড-১৯ আৰোগ্যৰ হাৰ


Published on May 19, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

১৮ দিনৰ অন্তত ক'ভিড-১৯ৰ পৰা আৰোগ্য হ'ল এটি নৱজাতক


Published on May 19, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১৯ মে': উত্তৰ প্ৰদেশৰ এখন চিকিৎসালয়ত ১ এপ্রিল তাৰিখে জন্ম হোৱা এটি কণমানি শিশু কিছু দিন পিছতে ক'ভিড-১৯ত আক্রান্ত হৈছিল। পৰৱৰ্তী পৰ্যায়ত শিশুটিক চিকিৎসালয় ভৰ্তি কৰাই চিকিৎসা চলাই থকা হৈছিল। মিকিত নামৰ কণমানি শিশুটিক মিৰাটৰ নুটেমা চিকিৎসালয়লৈ অনাৰ সময়ত যথেষ্ট শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰিছিল আৰু তীব্ৰ জ্বৰ উঠিছিল বুলি চিকিৎসালয় কৰ্তৃপক্ষই জনায়। 

পৰৱৰ্তী সময়ত চিকিৎসক ড° অমিত উপাধ্যায়ে জনোৱা অনুসৰি, "শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰোৱা পিছত ৰেমডেচিভিৰ ঔষধৰ বেজী দিয়াৰ লগতে ষ্টেৰইডৰ পালি প্ৰদান কৰা হৈছিল।"

আমেৰিকা যুক্তৰাষ্ট্ৰত ৰেমডেচিভিৰ বেজী কেৱল ১২ বছৰতকৈ উৰ্ধৰ আৰু নিম্নতম ৪০ কিলোগ্ৰাম ওজনৰ লোককহে প্ৰদান কৰাৰ পৰামৰ্শ দিয়া হয়। অৱশ্যে, ভাৰতত ৰেমডেচিভিৰ ব্যৱহাৰৰ ক্ষেত্রত কোনো ধৰণৰ নিৰ্দেশনা নাই। 

ডাঃ উপাধ্যায়ে শেষত কয় যে, "শিশুটি সোনকালে ক'ভিড-১৯ৰ পৰা আৰোগ্য হোৱা পৰিলক্ষিত হৈছিল আৰু শিশুটিৰ অক্সিজেনৰ স্তৰ ৫০ আছিল, যদিও অক্সিজেন প্ৰদানেৰে শিশুটিয়ে কোনো অসুবিধা নোহোৱাকৈ শ্বাস-প্ৰশ্বাস লৈ থকা পৰিলক্ষিত হৈছিল।" সম্প্ৰতি শিশুটি সম্পূৰ্ণ সুস্থ হৈ উঠাত চিকিৎসকে ঘৰলৈ যাবলৈ অনুমতি প্রদান কৰে।

Cartoon
View Older

 

January 29, 2022


Entertainment
View Older


From Our Archive

Create Account