Classifieds
View All
গুৱাহাটী,১৯ মে':ফুটবলৰ চুপাৰষ্টাৰ পল পগবা আৰু তেওঁৰ মানচেষ্টাৰ ইউনাইটেড দলৰ সঙ্গী আমাদ দিয়ালোৱে নিজৰ প্ৰিমিয়াৰ লীগ ছিজনৰ অন্তিমখন ঘৰুৱা খেলৰ পিছত এখন পেলেষ্টাইনৰ পতাকা ধৰি ৰাখি তেওঁলোকৰ প্ৰতি সহমৰ্মিতা প্ৰদর্শন কৰে।
মঙলবাৰেও ইজৰাইলে গাজা ষ্ট্ৰীপত অহৰহ বোমাবর্ষণ অব্যাহত ৰখাৰ বাবে ইংলিছ প্ৰিমিয়াৰ লীগৰ ফুলহামৰ বিপক্ষে খেলা মেচখনৰ পিছত দুয়ো প্ৰদৰ্শন কৰে এনে আন্তৰিকতাৰ ।
গাজা ষ্ট্ৰীপত ১০ মে'ৰ পৰা আৰম্ভ হোৱা এই গৃহযুদ্ধৰ ফলত এতিয়ালৈ ৬৩ টা শিশুসহ কমেও ২১৯ জন পেলেষ্টাইনী নাগৰিক নিহত হয় আৰু ১,৫০০ ৰো অধিক লোক আহত হয়। গাজাৰ পৰা আক্ৰমণ কৰা ৰকেটৰ ফলত ইজৰাইলত দুটা শিশুসহ ১২ জন লোকৰ মৃত্যু হৈছে, আনহাতে কমেও ৩০০ জন ইজৰাইলী আহত হৈছে।
Comments