Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
5250

কাইলৈ জনতা ভৱনত চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠক:কি কি সিদ্ধান্ত লোৱাৰ সম্ভাৱনা?


Published on May 18, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

সিদ্ধান্ত এতিয়া পৰেশ বৰুৱাৰ হাতত:পৰেশ বৰুৱালৈ পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ ইংগিত


Published on May 18, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী,১৮মে':হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই পুনৰবাৰ আলফা(স্বা) আৰু চৰকাৰৰ মাজত আলোচনাৰ প্ৰসংগটোৱে অধিক চৰ্চা লাভ কৰিছে।ইতিমধ্যে নাটকীয়ভাৱে ক'ভিড ১৯ পৰিস্থিতিৰ বাবে আলফা (স্বা)য়ে একপক্ষীয় ভাৱে তিনিমাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছে।

কিন্তু বিগত বৰ্ষৰ ক'ভিডৰ ভয়াবহ পৰিস্থিতিৰ সময়ত কিন্তু আলফা স্বাধীনে এনে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাছিল।সেয়ে আলফা (স্বা)য়ে একপক্ষীয় ভাৱে তিনিমাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰাত কিছু ইতিবাচক দিশৰ সূচনা হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, আজি আলফা(স্বা)য়ে অপহৰণ কৰি নিয়া অ' এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ যোৰহাটৰ বৰহোলাস্থিত বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফা(স্বা) আৰু চৰকাৰৰ মাজত আলোচনাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,"আলোচনা কৰিবলৈ যাওতে কোনখিনি কথা এখন চৰকাৰে মানিব পাৰে আৰু কোনখিনি কথা মানিব নোৱাৰে সেয়া আমি সকলোৱে জানোঁ।গতিকে আমাৰ সকলোৰে সীমাবদ্ধতাৰ প্ৰতি সন্মান জনাই যদিহে আমি আলোচনাৰ দুৱাৰ মুকলি কৰোঁ তেতিয়া মই ভাবোঁ আমাৰ জাতিটোৱে এটা নতুন জীৱন পাব।"

আনহাতে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক উদ্দেশ্যি মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে,"মই পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে আপুনি আলোচনালৈ আহক। অসমৰ মানুহে বিচাৰিছে।

বৰ্তমান আমি টিভিত যিবোৰ পৰিৱেশ দেখি আছো অসমৰ মানুহে আৰু সেইবোৰ পৰিৱেশ চাব বিচৰা নাই।পৰেশ বৰুৱা অসমত থকা হেতেন এনেবোৰ দৃশ্য চাই ভাল পালে হেতেন বুলি মই নাভাবো।"

নতুন কৰ্মস্থলীত জনপ্ৰিয় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ:এইবাৰ তেওঁৰ কি কি প্ৰতিশ্ৰুতি? 


Published on May 18, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী,১৮ মে':নতুন কৰ্মস্থলীত জনপ্ৰিয় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ।ধুবুৰীৰ পৰা বদলি হৈ সোমবাৰে সন্ধিয়া নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰে আনন্দ মিশ্ৰই।যোগদান কৰাৰ পিছদিনাই সক্ৰিয় ৰূপত দেখা পোৱা গ’ল নগাঁওৰ নতুন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক।

যোগদান কৰিয়েই নগাঁওবাসীক তেওঁ দিলে কেইবাটাও প্ৰতিশ্ৰুতি।নগাঁওক অপৰাধমুক্ত জিলা হিচাপে গঢ়ি তুলিব তেওঁ।আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কয় যে," নগাঁওৰ মহাবীৰ ট্ৰেভেল্‌ছত প্ৰায় এমাহ ধৰি আবদ্ধ হৈ থকা কেৰালাৰ প্ৰায় ৫৭খনকৈ বাছৰ লগতে সেই ৰাজ্যৰ এশৰো অধিক লোকক শীঘ্ৰেই গৃহ ৰাজ্যলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হ'ব।

লগতে সাংবাদিকৰ আগত তেওঁ কয় যে,"নগাঁৱত চলি থকা ড্ৰাগছৰ ৰমৰমীয়া বেহা শীঘ্ৰেই বন্ধ কৰা হ’ব।প্ৰয়োজনত কাষৰীয়া জিলাসমূহৰ আৰক্ষীকো একগোট কৰি নিজে নেতৃত্ব লৈ হ’লেও ড্ৰাগছ বন্ধ কৰাৰ বিৰুদ্ধে অভিযান চলাব।"

আনহাতে নগাঁৱত চলি থকা গৰু চিণ্ডিকেট বন্ধ কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই দৃঢ়তাৰে জানিবলৈ দিছে।

Cartoon
View Older

 

June 23, 2021


Entertainment
View Older


From Our Archive

Create Account