গুৱাহাটী, ২০ মে': অসম চৰকাৰে প্ৰখ্যাত কন্ঠশিল্পী অৰুণ দাসক শিল্পী পেঞ্চন প্ৰদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। কভিড-১৯ ত আক্রান্ত হোৱা কন্ঠশিল্পী গৰাকীক ১৮ মে' তাৰিখে আৰোগ্য হোৱাৰ পিছত ঘৰলৈ যাবলৈ দিয়া হৈছিল।
৯০ ৰ দশকত কেইবাটাও সুন্দৰ গীত ৰচনা কৰি পৰিৱেশন কৰা কন্ঠশিল্পী গৰাকীক দুৰ্ভাগ্যৰ সময়ত পত্নী আৰু পুত্ৰই চোৱাচিতা কৰা পৰিলক্ষিত নহ'ল।
সেই উদ্দেশ্যে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই অৰুণ দাসৰ বাসগৃহলৈ গৈ কন্ঠশিল্পী গৰাকীক ১ লাখ টকাৰ চেক প্ৰদান কৰে আৰু ১৫ আগষ্টৰ পৰা শিল্পী গৰাকীক পেঞ্চন প্ৰদান কৰাৰ কথা উল্লেখ কৰে।
দুদিনমান পূর্বে অকলশৰীয়া কন্ঠশিল্পী গৰাকীক সহায় কৰিবলৈ জুবিন গাৰ্গকে ধৰি অভিনেতা পবিত্ৰ ৰাভাৰ লগতে পত্নী পিংকি ৰাভা আগবাঢ়ি অহা পৰিলক্ষিত হৈছিল। আনহাতে জনপ্রিয় কন্ঠশিল্পী দিক্ষু শৰ্মাই কন্ঠশিল্পী অৰুণ দাসৰ ঔষধৰ যত্ন লোৱাৰ কথা উল্লেখিত হৈছিল।
Comments