Classifieds
View All
গুৱাহাটী,২০ মে':ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত সংঘটিত হোৱা গৃহযুদ্ধৰ ফলত এইবাৰ মৃত্যু হ'ল এজন সাংবাদিকৰ। কেইদিনমান আগতে কাটাৰৰ টেলিভিছন চেনেল আল-জাজিৰা আৰু আমেৰিকান নিউজ এজেঞ্চি এ.পিৰ বিল্ডিঙত ইজৰাইলে আক্ৰমণ কৰাৰ পিছত গাজা ষ্ট্ৰীপত সংঘটিত হ'ল এই দুঃখজনক ঘটনা।
ইজৰাইলৰ মিছাইল আক্ৰমণত নিহত হয় পেলেষ্টাইনী সাংবাদিক য়ুচেফ আবু হুছেইন। তেওঁ বাস কৰা ঘৰৰ সমীপত ইজৰাইলে কৰিছিল মিছাইল আক্ৰমণ ।
স্থানীয় ভইচ অফ আল-আকছা ৰেডিঅ' ষ্টেচনৰ সম্প্ৰচাৰক হুছেইন বুধবাৰে পুৱতি নিশা নিহত হোৱা চাৰিজন পেলেষ্টাইনী নাগৰিকৰ ভিতৰত এজন আছিল।
বিগত এটা সপ্তাহ ধৰি চলি থকা গৃহযুদ্ধৰ চৰম পৰিণতি হিচাপে ইজৰাইলৰ আক্ৰমণত সাংবাদিক নিহত হোৱা ঘটনা এয়ে প্ৰথম ।
Comments