গুৱাহাটী,২০ মে':চাৰি দিন আগতে ঘূর্ণী বতাহ 'টৌক্টী'ৰ ফলত আৰৱ সাগৰত ডুব গৈছিল এখন ডাঙৰ সামগ্ৰী কঢ়িওৱা জাহাজ যত আছিল প্ৰায় ২৬১ জন লোক । ইয়াৰ ভিতৰত ৩৯ জনৰেই ইতিমধ্যে মৃত্যু হৈছে আৰু ৩৪ জন সন্ধানহীন হৈ আছে ।
ভাৰতীয় নৌসেনাৰ জাহাজবোৰে বিগত তিনিদিন ধৰি আহৰ্নিশে উদ্ধাৰ অভিযান চলাই আছে। দিন বাগৰাৰ লগে লগে জীৱিত লোক বিচাৰি পোৱাৰ আশাও অধিক হ্ৰাস হ'বলৈ ধৰে। এই সমগ্ৰ উদ্ধাৰ অভিযানত নৌ সেনাৰ দুখন উদ্ধাৰকাৰী জাহাজ আই এন এছ কোচি আৰু আই এন এছ কলকাতা ব্যৱহাৰ কৰা হৈছে।
মুম্বাই আৰক্ষীয়ে ঘোষণা কৰিছে যে ঘূৰ্ণীবতাহৰ সম্পৰ্কে সতৰ্কবাণী দিয়াৰ স্বত্বেও দুৰ্ভাগ্যজনকভাৱে আৰু দুৰ্বল জাহাজখন কিয় সেই অঞ্চলটোত আছিল সেই সন্দৰ্ভত তেওঁলোকে উচিত তদন্ত চলাব । তেওঁলোকে বুধবাৰে জাহাজখনৰ কৰ্মচাৰীৰ মৃত্যুৰ সন্দৰ্ভত এটা দুৰ্ঘটনাজনিত মৃত্যুৰ প্ৰতিবেদনও (এডিআৰ) পঞ্জীয়ন কৰিছে ।
Comments