Classifieds
View All
গুৱাহাটী, ২০ মে': ভাৰতত এতিয়া ভেকচিনৰ অভাব ঘটিছে। আনহাতে ৰাছিয়া চৰকাৰে দেশখনৰ জনতাক ভেকচিন দিয়া কাম প্ৰায় সমাপ্ত কৰিছে। ৰাছিয়াই বজাৰলৈ উলিয়াই দিয়া স্পুটনিক ভি নামৰ ভেকচিনটোক বিশ্বৰ বিভিন্ন দেশে ইতিমধ্যে আদৰি লৈছে। এনে সময়ত আপুনিও যদি ৰাছিয়াৰ স্পুটনিক ভি নামৰ ভেকচিনটো ল’ব খোজে তেনেহ’লে দিল্লীৰ এটা পয্যটন সংস্থাৰ সৈতে যোগাযোগ কৰিলেই হ’ব।
উক্ত পৰ্যটন সংস্থাটোৱে এটা বিশেষ পেকেজ ট্যুৰ ঘোষণা কৰিছে। সেই অনুসৰি আগ্ৰহী লোক সকলক তেওঁলোকে ৰাছিয়াৰ মস্কোলৈ লৈ যাব আৰু ভেকচিন প্ৰদানৰ লগতে দেশখনৰ বিভিন্ন স্থান দৰ্শণ কৰাৰ সুবিধা প্ৰদান কৰিব। ২৪ দিনীয়া এই ভ্ৰমণকালত এজন লোকে খৰচ কৰিব লাগিব ১ লাখ ৩০ হাজাৰ টকা। ইতিমধ্যে ১৫ মে’ত ৩০ জনীয়া এটা দল পৰ্য্যটন সংস্থাটোৱে মস্কোলৈ লৈ গৈছে। অহা ২৯ মে'তো আন এটা দলক পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে।
Comments