Classifieds
View All
গুৱাহাটী, ২০ মে': ঘৰৰ গৃহিণীয়ে চাইল- দাইল অথবা অন্য কিবা সামগ্ৰীৰ অপদার্থ বোৰ আঁতৰ কৰিবলৈ ডলাৰ সহায় লোৱা পৰিলক্ষিত হয়। গাঁৱৰ ককা-দেউতাই কেঁচা বাঁহেৰে ধুনীয়কৈ ঘুৰণীয়া আকাৰৰ ডলা তৈয়াৰ কৰা দেখা যায়।
কিন্তু অনলাইন বজাৰত এখন সাধাৰণ ডলাৰ দাম কিমান হ'ব পাৰে, সেয়া ভাবিলে আঁচৰিত লাগে। আমেৰিকাৰ এক অনলাইন বজাৰৰ ৱেবচাইটত এখন বাঁহেৰে সঁজা ডলাক দেৱালৰ সৌন্দর্যবৰ্ধনৰ সামগ্ৰী হিচাপে ২৯৯ ডলাৰ অৰ্থাৎ প্ৰায় ভাৰতীয় মূল্য অনুসৰি ২১,৮৬৯.১৬ টকাত বিক্ৰী কৰা হৈছে। আমেৰিকাৰ 'পটেৰি বাৰ্ণ' নামৰ অনলাইন বিপনীৰ ৱেবচাইটত ২৯৯ ডলাৰ মূল্যত এখন সাধাৰণ ডলা বিক্ৰীৰ বাবে উপস্থাপন কৰাক লৈ বৰ্তমান সকলোৱে আঁচৰিত হৈ পৰিছে।
Comments
চৰকাৰী চিকিৎসালয়ত নিগনিয়ে ভৰি কুটি খালে এটি সদ্যোজাত নৱজাতকৰ
Published on May 20, 2021|News Source : অৰূপ ডেকা
উক্ত ঘটনা সন্দৰ্ভত কেঁচুৱাটোৰ পিতৃয়ে বিতংকৈ কয় যে, "সন্তানটিৰ মাতৃয়ে পুৱা ৩ বজাত নিজ সন্তানক দুগ্ধপান কৰোৱাবলৈ যায়, তেনেতে মাতৃগৰাকীয়ে নিজ সন্তানটিৰ ভৰিৰ আঙুলি আৰু গোৰাহা নিগনিয়ে কুটি কুটি খাই থকা পৰিলক্ষিত কৰে। পৰৱৰ্তী সময়ত মাতৃগৰাকীয়ে চিকিৎসালয় কৰ্তৃপক্ষক অৱগত কৰোৱাত চিকিৎসকে আহি শিশুটিৰ ড্ৰেছিঙৰ ব্যৱস্থা কৰে।"
আনহাতে ঘটনা সন্দৰ্ভত চিকিৎসালয়খনৰ অধীক্ষক ড° পি এছ ঠাকুৰে কয় যে, "উক্ত বিষয়টোৰ তদন্তৰ বাবে এখন ৩ জনীয়া সমিতি গঠন কৰা হৈছে। তদন্ত সমিতিয়ে ৩ দিনৰ ভিতৰত ঘটনাটোৰ সম্পূর্ণ প্ৰতিবেদন দাখিল কৰিব।"
সম্প্রতি প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত, কেঁচুৱাটোক বিশেষজ্ঞ চিকিৎসকে চিকিৎসা কৰি আছে আৰু কেঁচুৱাটোৰ অৱস্থা বৰ্তমান সুস্থিৰ হৈ উঠিছে বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।