গুৱাহাটী,২১ মে':ক'ভিডৰ দ্বিতীয় ঢৌক প্ৰতিহত কৰাত ব্যৰ্থ হোৱাৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তাক বহুল পৰিমাণে হ্ৰাস হৈছে। মোডীৰ হেৰুৱা ভাবমূৰ্তি কেনেদৰে পুনৰুদ্ধাৰ কৰিব পাৰি সেই সন্দৰ্ভত দলৰ ভিতৰত এতিয়ালৈকে কোনোধৰণৰ আলোচনা নহ'লেও এয়া দলৰ বাবে এক চিন্তাৰ কাৰণ হৈ পৰিছে।আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থাই চলোৱা সমীক্ষাৰ প্ৰতিবেদনত মোডীৰ জনপ্ৰিয়তা হ্ৰাস হোৱাৰ কথাও উল্লেখ কৰা হৈছে।
মৰ্ণিং কনচাল্ট হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সমীক্ষা সংস্থা যিয়ে বিভিন্ন বিশ্ব নেতাৰ জনপ্ৰিয়তাৰ উত্থান-পতনৰ তালিকা প্ৰস্তুত কৰে। মোডী ২০১৯ ৰ পৰাই এই তালিকাৰ মুখ্য স্থানত আছে। মঙলবাৰে তেওঁলোকৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদন অনুসৰি মোডীৰ জনপ্ৰিয়তাৰ সূচক আগৰ তুলনাত ২২ পইণ্ট হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে। মোডীৰ সামগ্ৰিক জনপ্ৰিয়তা সূচক এই সপ্তাহত ৬৩ শতাংশ আছিল। পূৰ্বতে আছিল এই পইণ্ট ৮৫ ।
২০১৯ ৰ পিছত এইটো তেওঁৰ সৰ্বনিম্ন স্ক'ৰ। ভাৰতত অক্সিজেন,ঔষধ,ভেকছিন আৰু বিচনাৰ অভাৱৰ বাবে ক'ভিডৰ দ্বিতীয় ঢৌ মানুহৰ অত্যাধিক মৃত্যু আৰু অন্তহীন দুৰ্দশাৰ সন্মুখীন হৈছে ।
আন এক আন্তৰ্জাতিক জনমত সমীক্ষা সংস্থা, ইউগভে একেটা প্ৰতিবেদনেই দিছিল। নগৰত থকা ভাৰতীয়সকলৰ মাজত চলোৱা তেওঁলোকৰ জৰীপত দেখা গৈছে যে ফেব্ৰুৱাৰীত ক'ভিডৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ পৰা মোডীৰ জনপ্ৰিয়তা হ্ৰাস পাই আহিছে। দ্বিতীয় ঢৌত ৫৯ শতাংশ উত্তৰদাতাইহে ক'ভিড সংকট ৰক্ষা কৰাত মোডীক সফল বুলি কৈছিল। ক'ভিডৰ প্ৰথম ঢৌত মোডীক ৮৯ শতাংশই সফল বুলি কৈছিল ।
Comments