Classifieds
View All
গুৱাহাটী, ২১ মে': যোৱা নিশা পঞ্জাৱৰ পশ্চিম খণ্ডত ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান "মিগ-২১ বিচন" দুৰ্ঘটনাগ্ৰস্ত হয়। উক্ত দুৰ্ঘটনাত মিগ-২১ বিচন বিমানৰ চালক অভিনৱ চৌধুৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰৱৰ্তী সময়ত মৃত্যুক সাৱতি লয়।
বায়ু সেনাৰ বিষয়া গৰাকীৰ মৃত্যুত ভাৰতীয় বায়ু সেনাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ শোক প্ৰকাশ কৰে।সম্প্ৰতি পঞ্জাৱৰ ম'গা জিলাত সংঘটিত হোৱা ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান মিগ-২১ বিচনৰ দুৰ্ঘটনা আৰু বিমান চালকৰ কাৰণ জানিবলৈ ন্যায়ালয়ৰ তৰফৰ পৰা ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিয়া হৈছে।
Comments