Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6684

ক'ভিড-১৯ ত প্ৰাণ হেৰুওৱা লোকসকলক স্মৰণ কৰি আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী মোডী 


Published on May 21, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

চিপকো আন্দোলনৰ অগ্ৰগামী নেতা তথা পৰিৱেশবিদ সুন্দৰলাল বহুগুণাৰ দেহাৱসান


Published on May 21, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ২১ মে': চিপকো আন্দোলনৰ প্ৰখ্যাত অগ্ৰগামী নেতা পৰিৱেশবিদ সুন্দৰলাল বহুগুণাই ক'ভিড-১৯ত আক্রান্ত হৈ  ৯৪ বছৰ বয়সত শেষ নিঃশ্বাস ত্যাগ কৰে। ৯ মে' ত ক'ভিড-১৯ত আক্রান্ত হোৱা পৰিৱেশবিদ গৰাকীক হৃষীকেশৰ এইমছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অৱশেষত চিকিৎসালয়ত অক্সিজেনৰ স্তৰ হ্ৰাস পোৱাত প্ৰখ্যাত নেতা গৰাকীৰ মৃত্যু হয়। 

সুন্দৰলাল বহুগুণাই চিপকো আন্দোলন আৰম্ভ কৰিছিল আৰু তাৰ বাবে নেতা গৰাকীক কৃতিত্ব প্ৰদান কৰা হৈছিল। ১৯৭০ দশকত গাঢ়োৱাল অঞ্চলৰ সকলো গাওঁবাসীৰ লগতে যুৱক-বৃদ্ধ, পুৰুষ-মহিলা আটাইকে সাঙুৰি গছ-গছনি আলিঙ্গন কৰি ব্যক্তিগত আৰু চৰকাৰী উদ্যোগসমূহক গছ কটাত বাধা আৰোপ কৰিছিল।

উক্ত তৃণমূল পৰ্যায়ৰ পৰিৱেশ সংৰক্ষণৰ আন্দোলনৰ পিছত বহুগুণাই তেহৰি বান্ধ আন্দোলনক কৰি নেতৃত্ব প্ৰদান কৰিছিল। সুন্দৰলাল বহুগুণাই আন্দোলনৰ ফলশ্রুতিত ১৯৯৫ চনত কাৰাগাৰলৈ যাবলগীয়া হৈছিল।

Cartoon
View Older

 

January 26, 2022


Entertainment
View Older


From Our Archive

Create Account