গুৱাহাটী, ২১ মে': প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (ডিআৰডিঅ') আন এক সফলতাৰে ক'ভিড-১৯ এণ্টিবডী চিনাক্তকৰণ কিট প্ৰস্তুত কৰে। ডিআৰডিঅ'ৰ ডিফেন্স ইনষ্টিটিউট অফ ফিজিঅ'লজী এণ্ড এলাইড চা্যেন্স (ডি.আই.পি.এ.এছ.) প্ৰতিষ্ঠানে ক'ভিড পৰীক্ষণৰ বাবে এণ্টিবডী চিনাক্তকৰণ আধাৰিত কিট 'ডিপক'ভান', ডিপাছ-ভিডিএক্স ক'ভিড-১৯ আই.জি. এণ্টিবডী কিট উদ্ভাৱন কৰে।
উক্ত বিষয় সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ অতিমাৰীৰ সময়ত প্ৰয়োজনীয় ভাৱে কিটটো উদ্ভাৱন কৰাৰ ক্ষেত্ৰত ডিআৰডিঅ'ৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে। ডিপক'ভান কিটে ৯৭ শতাংশ উচ্চ সংবেদনশীলতা আৰু ৯৯ শতাংশ নিৰ্দিষ্টতাৰ সৈতে ক'ৰনা ভাইৰাছৰ স্পাইক আৰু নিউক্লিওকেপচিড (এছ এণ্ড এন) প্ৰ'টিন দুয়োটা চিনাক্ত কৰিব পাৰিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
ডিআৰডিঅ'ই ডিপক'ভান কিটটো নতুন দিল্লীস্থিত বিকাশ আৰু নিৰ্মাণ ৰোগ নিৰ্ণয় কোম্পানী ভেনগাৰ্ড ডায়গনষ্টিকছ প্ৰাইভেট লিমিটেডৰ সহযোগত উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে। ডিপক'ভান কিটটো বিজ্ঞানীসকলে প্ৰথমে থলুৱাভাৱে উদ্ভাৱন কৰিছিল। তাৰ পৰৱৰ্তী সময়ত দিল্লীৰ বিভিন্ন ক'ভিড-১৯ নিৰ্ধাৰিত চিকিৎসালয়ত ১০০০ ৰো অধিক ৰোগীৰ নমুনাৰ লগত কিটটোৰ পৰীক্ষাৰ সৈতে ব্যাপক বৈধতা প্ৰদান কৰে।
এণ্টিবডী চিনাক্তকৰণ কিটটো চলিত বৰ্ষৰ এপ্রিল মাহত আইচিএমআৰৰ দ্বাৰা অনুমোদন কৰা হৈছিল। শেহতীয়াকৈ চলিত মাহত "ডিপক'ভান"ৰ বিক্ৰী আৰু বিতৰণৰ বাবে ভাৰতীয় ঔষধ নিয়ন্ত্ৰক জেনেৰেল (ডিচিজিআই), চিডিএছচিঅ' লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা অনুমোদন প্ৰদান কৰা হৈছে।
ডিপক'ভানৰ উদ্দেশ্য হৈছে মানৱ চিৰাম বা প্লাজমাত আইজিজি এণ্টিবডীৰ গুণগত চিনাক্তকৰণ, চাৰ্চ-ক'ভিড-২ৰ সম্পৰ্কিত এণ্টিজেনবোৰ লক্ষ্য কৰাৰ লগতে মাত্ৰ ৭৫ মিনিটৰ ভিতৰত নিৰ্ণায়ক ফলাফল প্ৰদান কৰা।
উদ্যোগৰ অংশীদাৰ ভেনগাৰ্ড ডায়গনষ্টিকচ প্ৰাইভেট লিমিটেডে ২০২১ চনৰ জুনৰ প্ৰথম সপ্তাহত বাণিজ্যিকভাৱে কিটটো মুকলি কৰিব। প্ৰথম পৰ্যায়ত ১০০ কিট অৰ্থাৎ ১০,০০০ পৰীক্ষা সম্পন্ন কৰিব পাৰিব। পৰৱৰ্তী পৰ্যায়ত মাহে ৫০০ কিট প্ৰস্তুত কৰি উলিয়াব আৰু প্ৰতিটো পৰীক্ষাত ৭৫ টকা নিৰ্ধাৰণ কৰা হ'ব বুলি কোম্পানীটোৱে জানিবলৈ দিয়ে।
Comments
ডি.আৰ.ডি.অ প্ৰস্তুত কৰি উলিয়ালে জৰুৰীকালীন এন্টি-ক'ভিড ঔষধ
Published on May 8, 2021|News Source : অৰূপ ডেকা
গুৱাহাটী, ৮ মে': ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা দ্বাৰা প্ৰস্তুত কৰা ক'ভিড ঔষধৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে দেশৰ শীৰ্ষ ঔষধ নিয়ন্ত্ৰকে অনুমোদন জনাইছে। ডিআৰডিঅ ৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি ঔষধটো পাউডাৰ ৰূপত প্ৰস্তুত কৰা হৈছে আৰু ইয়াক পানীত দ্ৰৱীভূত কৰি গ্ৰহণ কৰিব পাৰিব। হায়দৰাবাদস্থিত ডিআৰডিঅৰ পৰীক্ষাগাৰ আৰু ডাঃ ৰেড্ডীৰ গৱেষণাত ২-ডিঅক্সি-ডি-গ্লুকোজ (2-ডিজি) ঔষধৰ এণ্টি-ক'ভিড থেৰাপিউটিক প্ৰয়োগৰ উপযোগী কৰি তোলে৷
ঔষধ নিৰ্মাণৰ সফল পৰীক্ষণৰ ফলাফলৰ অন্তত ড্ৰাগছ কণ্ট্ৰ'লাৰ জেনেৰেল অফ ইণ্ডিয়াই (ডিচিজিআই) ঔষধটোক স্বীকৃতি প্ৰদান কৰি চিকিৎসালয়ত ভৰ্তি ৰোগীৰ চিকিৎসাত ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে উক্ত ঔষধটিয়ে ক'ভিড ৰোগীৰ অক্সিজেনৰ স্তৰ নিয়ন্ত্রণত ৰখাত সহায় কৰে বুলি ডিচিজিআই জানিবলৈ দিয়ে। বিগত বৰ্ষৰ মে' আৰু অক্টোবৰ মাহত দ্বিতীয় পৰ্যায়ৰ ১১০ জন ৰোগীৰ দেহত পৰীক্ষা কৰাত, ঔষধটো ক'ভিড-১৯ ৰোগীসকলৰ বাবে সুৰক্ষিত বুলি প্ৰমাণিত হৈছিল আৰু ৰোগীসকল আৰোগ্য হোৱা পৰিলক্ষিত হৈছিল।
দেশত তাৎক্ষণিক ভাৱে বৃদ্ধি পোৱা ক'ভিড আক্ৰান্ত ৰোগীসকলৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় ঔষধ, অক্সিজেন আৰু অন্যান্য সামগ্ৰীৰ ব্যাপক নাটনি হোৱা পৰিলক্ষিত হৈছিল। ভাৰতত শেহতীয়াকৈ ৪,১৮৭ জন ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে। ক'ৰনাৰ এই বিধ্বংসী পৰিস্থিতিৰ বাবে বহু ৰাজ্যই লকডাউন ঘোষণা কৰিছে। দেশৰ নতুনকৈ ৪.০১ লাখতকৈও অধিক লোকৰ সংক্ৰমণে মুঠ ক'ভিড আক্ৰান্তৰ সংখ্যা ২.১৮ কোটিলৈ বৃদ্ধি পাইছে।