Choose Language

  • All  
  • English
  • অসমীয়া

ডি.আৰ.ডি.অ' উদ্ভাৱন কৰিলে ক'ভিড-১৯ এণ্টিবডী চিনাক্তকৰণ কিট 'ডিপক'ভান'


Published on May 21, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

ডি.আৰ.ডি.অ প্ৰস্তুত কৰি উলিয়ালে জৰুৰীকালীন এন্টি-ক'ভিড ঔষধ


Published on May 8, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ৮ মে': ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা দ্বাৰা প্ৰস্তুত কৰা ক'ভিড ঔষধৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে দেশৰ শীৰ্ষ ঔষধ নিয়ন্ত্ৰকে অনুমোদন জনাইছে। ডিআৰডিঅ ৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি ঔষধটো পাউডাৰ ৰূপত প্ৰস্তুত কৰা হৈছে আৰু ইয়াক পানীত দ্ৰৱীভূত কৰি গ্ৰহণ কৰিব পাৰিব। হায়দৰাবাদস্থিত ডিআৰডিঅৰ পৰীক্ষাগাৰ আৰু ডাঃ ৰেড্ডীৰ গৱেষণাত ২-ডিঅক্সি-ডি-গ্লুকোজ (2-ডিজি) ঔষধৰ এণ্টি-ক'ভিড থেৰাপিউটিক প্ৰয়োগৰ উপযোগী কৰি তোলে৷

ঔষধ নিৰ্মাণৰ সফল পৰীক্ষণৰ ফলাফলৰ অন্তত ড্ৰাগছ কণ্ট্ৰ'লাৰ জেনেৰেল অফ ইণ্ডিয়াই (ডিচিজিআই) ঔষধটোক স্বীকৃতি প্ৰদান কৰি চিকিৎসালয়ত ভৰ্তি ৰোগীৰ চিকিৎসাত ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে উক্ত ঔষধটিয়ে ক'ভিড ৰোগীৰ অক্সিজেনৰ স্তৰ নিয়ন্ত্রণত ৰখাত সহায় কৰে বুলি ডিচিজিআই জানিবলৈ দিয়ে। বিগত বৰ্ষৰ মে' আৰু অক্টোবৰ মাহত দ্বিতীয় পৰ্যায়ৰ ১১০ জন ৰোগীৰ দেহত পৰীক্ষা কৰাত, ঔষধটো ক'ভিড-১৯ ৰোগীসকলৰ বাবে সুৰক্ষিত বুলি প্ৰমাণিত হৈছিল আৰু ৰোগীসকল আৰোগ্য হোৱা পৰিলক্ষিত হৈছিল।

দেশত তাৎক্ষণিক ভাৱে বৃদ্ধি পোৱা ক'ভিড আক্ৰান্ত ৰোগীসকলৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় ঔষধ, অক্সিজেন আৰু অন্যান্য সামগ্ৰীৰ ব্যাপক নাটনি হোৱা পৰিলক্ষিত হৈছিল। ভাৰতত শেহতীয়াকৈ ৪,১৮৭ জন ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে। ক'ৰনাৰ এই বিধ্বংসী পৰিস্থিতিৰ বাবে বহু ৰাজ্যই লকডাউন ঘোষণা কৰিছে। দেশৰ নতুনকৈ ৪.০১ লাখতকৈও অধিক লোকৰ সংক্ৰমণে মুঠ ক'ভিড আক্ৰান্তৰ সংখ্যা ২.১৮ কোটিলৈ বৃদ্ধি পাইছে।

Cartoon
View Older

 

December 7, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account