গুৱাহাটী, ২২ মে': ক'ভিড-১৯ মহামাৰীৰ ভয়াবহ পৰিস্থিতিৰ মাজতে ডিব্ৰুগড়ৰ পৰা এক ইতিবাচক ঘটনাৰ খবৰ পোৱা গৈছে। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত এগৰাকী ক'ভিড-১৯ আক্রান্ত মাতৃয়ে দুটিকৈ স্বাস্থ্যৱান আৰু ক'ৰনা ভাইৰাছৰ অৱস্থিতি ধৰা নপৰা যমজ সন্তান প্ৰসৱ কৰা ঘটনাক লৈ সকলোৱে আচৰিত হোৱাৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষ উৎফুল্লিত হৈ পৰে। আনহাতে চিকিৎসালয় খনত কভিড-১৯ত আক্রান্ত হৈ থকা ৫ টা নৱজাতক কৰনামুক্ত হোৱাৰ খবৰ পোৱা গৈছে।
১৮ মে'ৰ মাজনিশা এ এম চি এইচত কভিড-১৯ত আক্রান্ত হোৱা গৰ্ভৱতী মহিলাগৰাকীৰ ৩৫ সপ্তাহ অতিক্রম হৈছিল আৰু গৰ্ভধাৰণৰ শেষ পৰ্যায়ত আছিল। নিৰ্ধাৰিত সময়ৰ এসপ্তাহ পূর্বে প্ৰসৱ কৰা মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ প্ৰত্যাহ্বানমূলক আছিল বুলি চিকিৎসকৰ দলটিয়ে জানিবলৈ দিয়ে।
এ এম চি এইচ ৰ সহকাৰী অধ্যাপক ডাঃ পুলক কলিতাই উক্ত ঘটনা সন্দৰ্ভত কয় যে ক'ভিড-১৯ ত আক্রান্ত মহিলাগৰাকীৰ প্ৰসৱৰ মুহুর্তত ততাতৈয়াকৈ অস্ত্ৰোপচাৰ কক্ষলৈ স্থানান্তৰ কৰা হৈছিল আৰু চিকিৎসকৰ দলটিয়ে সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছত মহিলাগৰাকীয়ে ২.৫ কিগ্ৰা ওজনৰ এটি ল'ৰা সন্তান আৰু ২.৩ কিগ্ৰা ওজনৰ এটি কন্যা সন্তান সুস্থ অৱস্থাত জন্ম দিয়ে।
আনহাতে বিগত ২৪ ঘন্টাত শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত, আন ৩ গৰাকী ক'ভিড-১৯ আক্রান্ত মাতৃয়ে ৩ টাকৈ স্বাস্থ্যৱান সন্তান প্ৰসৱ কৰে আৰু আটাইকেইটা শিশু ক'ভিড-১৯ পৰীক্ষাত নিগেটিভ হিচাপে চিনাক্ত হয়।
অসমৰ ক'ভিড-১৯ পৰিস্থিতি এতিয়াও সুস্থিৰ নহয়। বিগত ২৪ ঘন্টাত ৰাজ্যখনত ১,০৩,১৫৮ টা ক'ভিড পৰীক্ষা সম্পন্ন হৈছে আৰু পৰীক্ষাত ৬০৬৬ জন লোকৰ দেহত ক'ৰনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। আনহাতে বিগত ২৪ ঘণ্টাত ৰাজ্যখনত উদ্বেগজনকভাৱে ৮১ জন ক'ভিড আক্রান্ত ৰোগীৰ মৃত্যু হোৱাৰ প্ৰতিবেদন পোৱা গৈছে।
Comments
ক'ভিড-১৯ ত প্ৰাণ হেৰুওৱা লোকসকলক স্মৰণ কৰি আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী মোডী
Published on May 21, 2021|News Source : অৰূপ ডেকা
প্ৰধানমন্ত্ৰী মোডীয়ে আগশাৰীৰ স্বাস্থ্য কৰ্মীসকলৰ সৈতে বাৰ্তালাপ কৰি অৱস্থাত কেইবাবাৰো বিৰতি লোৱা পৰিলক্ষিত হৈছিল। কিয়নো প্ৰধানমন্ত্ৰী গৰাকীয়ে মৃতলোকসকলক স্মৰণ কৰি আৱেগিক হৈ পৰিছিল আৰু চকুপানী নিগৰি অহা দেখা গৈছিল। আনহাতে ভেকছিন সন্দৰ্ভত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, "ক'ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ মূল 'সুৰক্ষা কৱচ' হৈছে ভেকছিন। সকলোৱে টীকাকৰণ কৰিবলৈ আগবাঢ়ি অহাতো অতিকৈ প্ৰয়োজনীয়। ক'ভিড-১৯ৰ টীকাকৰণে দেশৰ আগশাৰীৰ স্বাস্থ্য কৰ্মীসকলক সুৰক্ষা প্ৰদান কৰি আহিছে। আগন্তুক দিনত দেশৰ সকলো লোকে ভেকছিন পাবলৈ সক্ষম হ'ব।" লগতে ক'ভিড-১৯ মহামাৰী চলি থকা সময়তে ক'লা ভেঁকুৰৰ সংক্ৰমণে আন এক নতুন প্ৰত্যাহ্বান কঢ়িয়াই আনিছে।