গুৱাহাটী,২২ মে': পাকিস্তানৰ কাবাল তহচিলত এজন ১৯ বছৰীয়া যুৱকে জনপ্রিয় মনোৰঞ্জনধৰ্মী ভিডিঅ' প্ৰস্তুত কৰা এপ টিকটকত ভিডিঅ'ৰ চিত্ৰগ্ৰহণ কৰি থকা সময়ত নিজ পিষ্টলৰ পৰা দুৰ্ঘটনাক্ৰমে গুলী ফুটি মৃত্যু হয় বুলি কাবাল আৰক্ষীয়ে নিশ্চিত কৰে।
ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়া কাবল হজৰত বাদশ্বাহে বিতংকৈ কয় যে, "আৰক্ষীৰ প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, মাবন্দ শ্বাহ ধেৰাইৰ বাসিন্দা, টিকটক তাৰকা হামিদুল্লাই পিষ্টল লৈ অনুগামীসকলৰ বাবে এটা আত্মহত্যাৰ দৃশ্যৰ চিত্ৰগ্ৰহণ কৰি থাকোতে পিষ্টলৰ পৰা গুলী নিৰ্গত হৈ তেওঁৰ মৃত্যু হয়।" পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাৰম্ভিক তথ্য সংগ্ৰহ কৰে আৰু যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কাবাল চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
হামিদুল্লাহ কাবাল তহচিলৰ এজন বিখ্যাত টিকটক তাৰকা আছিল। মৃতকৰ প্ৰত্যক্ষদৰ্শী আৰু বন্ধুবৰ্গৰ মতে, হামিদুল্লাই এটা আত্মহত্যাৰ ভিডিঅ' চিত্ৰগ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছিল আৰু এটা পিষ্টলৰ ব্যৱস্থা কৰিছিল। পিষ্টলত গুলীৰ অৱস্থিতিৰ বিষয়ে অজ্ঞাত হৈ যুৱকজনে বন্ধুবৰ্গৰ সৈতে নিকটবৰ্তী পৰ্বত এখনলৈ গৈ ভিডিঅ'ৰ চিত্ৰগ্ৰহণ কৰি থকা সময়ত দুৰ্ঘটনাটো সংঘটিত হৈ হামিদুল্লাহৰ মৃত্যু হয় বুলি অনুৰাগীসকলে জানিবলৈ দিয়ে।
Comments