Choose Language

  • All  
  • English
  • অসমীয়া

অসম প্ৰাথমিক শিক্ষক সন্থাৰ কভিড -১৯ ব্যৱস্থাপনাৰ বাবে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্রতি সঁহাৰি


Published on May 23, 2021 | News Source: মৃত্যুঞ্জয় দাস, সোণাৰি, জনমভূমি
Share This Page
Related Stories

মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা ৫০ কোটি টকা আৰোগ্য নিধিলৈ আগবঢ়ালে মুখ্যমন্ত্রীয়ে


Published on May 21, 2021|News Source : জনমভূমি

গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ২০ মে’ ঃ কভিডৰ দ্রুত সংক্রমণ প্রতিৰোধ কৰা আৰু কভিড ৰোগীক পর্যাপ্ত চিকিৎসা আগবঢ়োৱাৰ স্বার্থত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মুখ্যমন্ত্রীৰ সাহায্য পুঁুজিৰ পৰা অসম আৰোগ্য নিধিলৈ ৫০ কোটি টকা আগবঢ়ায়৷ অসম প্রশাসনীয় পদাধিকাৰ মহাবিদ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত স্বাস্থ্য মন্ত্রী কেশৱ মহন্তৰ হাতত মুখ্যমন্ত্রী ড০ শর্মাই ৫০ কোটি টকাৰ চে’ক প্রদান কৰে৷

এই বৃহৎ পুঁজিৰ চে’ক প্রদান কৰি মুখ্যমন্ত্রী  ড০ শর্মাই ৰাজ্যৰ জনতাকো সামর্থয অনুযায়ী চৰকাৰক আর্থিক সাহায্য আগবঢ়াবলৈ আহবান জনায়৷ কভিড প্রতিষেধক প্রদান কৰি কভিড আক্রান্তক সুস্থ কৰি কৰি তোলাৰ স্বার্থত আর্থিক সহায়ৰ হাত আগবঢ়োৱাৰ ক্ষেত্রত এক জন আন্দোলন গঢ়ি উঠা উচিত বুলি মন্তব্য কৰি সংবাদমেলত মুখ্যমন্ত্রীয়ে কয় যে কোনো লোকে মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ ধন আগবঢ়ালে সেই ধন আৰোগ্য নিধিৰ জৰিয়তে কভিড চিকিৎসাৰ নামত ব্যয় কৰা হ’ব৷

ইতিমধ্যে ৰিলায়েন্স ইণ্ডাষ্ট্রীয়ে মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ ১৫ কোটি টকা আগবঢ়োৱাৰ লগতে প্রাথমিক শিক্ষকসকলে এদিনৰ দৰমহা, কলেজ শিক্ষকসকলে এদিনৰ দৰমহা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-কর্মচাৰী গোটে ১৫ লাখ টকা, অসম কৃষি বিশ্ববিদ্যালয়ে ৫০ লাখ টকাৰ আর্থিক সাহায্য আগবঢ়োৱাৰ কথা সদৰী কৰাৰ লগতে এই ধন অসম আৰোগ্য নিধিৰ জৰিয়তে ব্যয় কৰা হ’ব বুলি প্রতিশ্রুতি দিয়ে৷ তেওঁ কয় যে সর্বসাধাৰণে বা অনুষ্ঠান-প্রতিষ্ঠানে সাহায্য আগনবঢ়ালেও চৰকাৰে কভিড প্রতিষেধক প্রধান কৰিব৷ বিত্তীয় নাটনিৰ বাবে চৰকাৰে জনসাধাৰণক আর্থিক সাহায্যৰ বাবে আহবান জনোৱা নাই৷

মুখ্যমন্ত্রীৰ মতে আর্থিক সাহায্যৰ বাবে জনসাধাৰণক আহবান জনোৱাৰ অর্থ হ’ল ইজনে সিজনৰ জীৱন দান দিয়া৷ অর্থাৎ কভিড ৰোগীক জীৱন উপহাৰ দিয়াৰ আনন্দ বুলি অনুভৱ কৰি অনাগত তিনি-চাৰি মাহত অন্ততঃ এজনে আন এজনৰ কভিড প্রতিষেধকৰ ব্যয় চৰকাৰলৈ আগবঢ়াব বুলি আশা ব্যক্ত কৰে৷

ইয়াৰ বাবে এক জন আন্দোলন গঢ়ি তুলিবলৈ মুখ্যমন্ত্রীয়ে আহবান জনায়৷ ৰাজ্যখনত থকা ৰিলায়েন্সৰ ৩৯টা পেট্রল ডিপোৱে কভিড চিকিৎসাৰ বাবত ব্যৱহাৰ হোৱা যান-বাহনসমূহৰ বাবে প্রতিদিনে ৫০ লিটাৰকৈ তেল যোগান ধৰাৰ প্রতিশ্রুতি দিয়াৰ কথাও সংবাদমেলত মুখ্যমন্ত্রীয়ে সদৰী কৰে৷ ইফালে অসম আৰোগ্য নিধিৰ ধন কভিড প্রতিষেধক তথা ভেক৲চিন ক্রয়ৰ ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰি কয় যে অসম আৰোগ্য নিধিত ১১৬ কোটি টকা জমা আছিল৷ এই ধনৰ সুত বাঢ়ি হৈছেগৈ ১১৯ কোটি টকা৷ এতিয়া এই ধন ভেক৲চিনত ব্যয় কৰাৰ কথা উল্লেখ কৰি কয় যে ১৮ বছৰৰ পৰা ৪৪ বছৰৰ লোকক ভেক৲চিন প্রদানৰ নামত হোৱা ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব৷

অর্থাৎ ১.২০ কোটি জনতাক ভেক৲চিন প্রদানৰ ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব৷ বিপৰীতে ৪৫ বছৰৰ ঊধর্বৰ প্রায় এক লাখ লোকক ভেক৲চিন প্রদানৰ ব্যয় কেন্দ্রীয় চৰকাৰে বহন কৰিব বুলিও উল্লেখ কৰে৷ সম্প্রতি সমগ্র দেশতে ভেক৲চিনৰ কিছু নাটনি থকাৰ কথা স্বীকাৰ কৰি কয় যে অসমত এতিয়ালৈ প্রায ৩৫ লাখ লোকক ভেক৲চিন প্রদান কৰা হৈছে৷ গড় হিচাপত প্রতি দিনে ৫০ হাজাৰ লোকক ভেক৲চিন দিবলৈ সক্ষম হোৱা বুলি সদৰী কৰি পৰৱর্তী মাহত ভেক৲চিন প্রদানৰ হাৰ বৃদ্ধি পাব বুলি আশ্বাস প্রদান কৰে৷ বিগত তিনিদিনত সমগ্র ৰাজ্যতে কভিডত আক্রান্তৰ হাৰ অকণমান নিম্নগামী হৈ এক আশাৰ কিৰণ দেখুওৱা বুলি মুখ্যমন্ত্রীয়ে সংবাদমেলত উল্লেখ কৰে৷

 

Cartoon
View Older

 

December 2, 2021


Entertainment
View Older


From Our Archive

Create Account