Cartoon
View Older
গুৱাহাটী,২৩ মে':ৰাজধানী দিল্লীত নতুনকৈ কৰ'নাত আক্ৰান্তৰ সংখ্যা যথেষ্ট পৰিমানে হ্ৰাস পাইছে। ক'ভিড সংক্ৰমণৰ হাৰ ৪ শতাংশলৈ হ্ৰাস পাইছে, ইয়াৰ পিছতো কিন্তু কেজৰিৱাল চৰকাৰে লকডাউন পুনৰ এসপ্তাহ অৰ্থাত্ ৩১ মে'লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
চৰকাৰৰ মতে লকডাউনৰ বাবেই দিল্লীত নতুনকৈ কৰ’নাত আক্ৰান্তৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। লকডাউন পুনৰ কেইদিনমান বৃদ্ধি কৰি যদি সংক্ৰমণৰ হাৰ আৰু হ্ৰাস কৰিব পাৰি তেন্তে এয়া তেওঁলোকৰ বাবে হ'ব বৃহৎ সফলতা। শনিবাৰে দিল্লীত নতুনকৈ মাত্ৰ ২২০০ জনহে ক'ভিড সংক্ৰমিত ৰোগী পোৱা গৈছিল।
দিল্লীত যোৱা ১৯ এপ্ৰিলৰ নিশা ১০ বজাৰ পৰা লকডাউন আৰম্ভ হৈছিল। তেতিয়াৰ পৰা চৰকাৰে ৪ বাৰৰ বাবে লকডাউন বৃদ্ধি কৰিছিল । দিল্লীত সংক্ৰমণৰ হাৰ ৩৬ শতাংশলৈকে বৃদ্ধি হৈছিল। যি এতিয়া ৪ শতাংশতকৈও কমলৈ নামি আহিছে।
Comments