গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ২৩ মে’ ঃ কভিড ৰোগীৰ সংখ্যা বাঢ়ি যোৱাত ৰাজ্যত অক্সিজেনৰ চাহিদা বৃদ্ধি পাইছিল যদিও এতিয়াৰে পৰা অক্সিজেনৰ নাটনি নহ’ব৷ কভিড ৰোগীৰ চিকিৎসাৰ বাবে বর্তমানে থকা অক্সিজেন উৎপাদন গোটৰ উপৰি আন উদ্যোগীক উৎসাহিত কৰিবলৈ ১০০ শতাংশ পর্যন্ত বিদ্যুৎ মাচুল ৰেহাই দিয়াৰ সিদ্ধান্ত ৰাজ্যৰ কেবিনেটে গ্রহণ কৰিছিল৷
অক্সিজেন উৎপাদন কৰিব পৰা নতুন উদ্যোগ স্থাপনৰ পূর্বে কেন্দ্রীয় চৰকাৰে সকাহ দিছে অসমক৷ ৮০ মেট্রিক টন মেডিকেল অক্সিজেন বহনকাৰী ৪টা দবা কঢ়িয়াই অনা ‘অক্সিজেন এক্সপ্রেছ’ ৰে’লখন আজি গুৱাহাাটীত উপস্থিত হয়হি৷ এই অক্সিজেন কঢ়িয়াই অনা ৰে’লখন প্রতি সপ্তাহত দুবাৰকৈ অসমলৈ আহিব৷ যাৰ ফলত প্রতি সপ্তাহত ১৬০ টন অক্সিজেন অসমে লাভ কৰিব৷ জীৱনদায়িনী অক্সিজেন কঢ়িয়াই অনা ৰে’লখন অসমলৈ প্রেৰণৰ বাবে পদক্ষেপ গ্রহণ কৰিছিল কেন্দ্রীয় ৰে’ল মন্ত্রী পীয়ুষ গোৱেলে৷ আজি আমিনগাঁৱৰ ইনলেণ্ড কণ্টেইনাৰ ডিপ’ত অক্সিজেন বহন কৰি অনা ‘অক্সিজেন এক্সপ্রেছ’ ৰে’লখনক আনুষ্ঠানিকভাৱে আদৰণি জনায় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
উল্লেখযোগ্য যে ঝাৰখণ্ডৰ পৰা যাত্রা আৰম্ভ কৰা অক্সিজেন এক্সপ্রেছ আজি পুৱা গুৱাহাটীত উপস্থিত হয়৷ সংবাদ মাধ্যমৰ সৈতে বার্তালাপ কৰি মুখ্যমন্ত্রী ড০ শর্মাই অক্সিজেন এক্সপ্রেছৰ জৰিয়তে ৰাজ্যখনলৈ অতিৰিক্ত মেডিকেল অক্সিজেন আবণ্টন কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে এই পদক্ষেপে ৰাজ্যখনত কভিড ৰোগীসকলৰ চিকিৎসাৰ বাবে বর্ধিত অক্সিজেনৰ প্রয়োজনীয়তা পূৰণ কৰাত যথেষ্ট সহায় কৰিব৷
মুখ্যমন্ত্রীয়ে ৰে’লগাড়ীখন অসমলৈ প্রেৰণৰ পদক্ষেপ লোৱাৰ বাবে কেন্দ্রীয় ৰে’ল মন্ত্রী পীয়ুষ গোৱেলকো ধন্যবাদ জ্ঞাপন কৰে৷ সপ্তাহত দুবাৰকৈ মুঠ ১৬০ মেট্রিক টন অক্সিজেন লাভ কৰাৰ পাছত ৰাজ্যখনৰ নিজা প্রয়োজনীয়তা পূৰণ হোৱাৰ উপৰি অসমে উত্তৰ-পূবৰ চুবুৰীয়া ৰাজ্য মেঘালয়, মণিপুৰ, নগালেণ্ড, অৰুণাচল প্রদেশ, মিজোৰাম আৰু ত্রিপুৰালৈ অতিৰিক্ত অক্সিজেন যোগান ধৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ অৱগত কৰে৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে ৰাজ্যখনত ৮০০ লিটাৰলৈকে মেডিকেল অক্সিজেন মজুতকৰণৰ ক্ষমতা আছে৷
উল্লেখযোগ্য যে অসম চৰকাৰে কেবিনেটত অক্সিজেনৰ বর্ধিত চাহিদা পূৰ কৰাৰ লক্ষ্যৰে উদ্যোগীক উৎসাহিত কৰিবলৈ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছিল৷ সেই সিদ্ধান্ত অনুসৰি নতুন অক্সিজেন উৎপাদনকাৰী, বর্তমানে থকা উদ্যোগৰ সম্প্রসাৰিত গোট আৰু বন্ধ হৈ থকা গোট পুনৰ সক্রিয় কৰিলে ১০০ শতাংশ আৰু বর্তমানে চলি থকা অক্সিজেন উৎপাদনকাৰী গোটক ২০ শতাংশ বিদ্যুৎ মাচুল ৰেহাহ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ কভিড ৰোগীৰ চিকিৎসাৰ বাবে আৱশ্যকীয় অক্সিজেনৰ অভাৱ দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰি আছে যদিও অক্সিজেন এক্সপ্রেছৰ জৰিয়তে প্রতি সপ্তাহত ১৬০ মেট্রিক টন অক্সিজেন লাভ কৰাৰ ফলত অসমৰ লগতে উত্তৰ- পূবৰ ৰাজ্যসমূহ উপকৃত হ’ব৷
ৰাজ্যখনত চলি থকা কভিড টিকাকৰণ অভিযানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে যে ৰাজ্য চৰকাৰে দৈনিক টিকাকৰণৰ সংখ্যা বর্তমানৰ ৫০ হাজাৰ পৰা ১ লাখলৈ বৃদ্ধি কৰাৰ প্রচেষ্টা চলাই আছে৷ আজিৰ কার্যসূচীত মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিন৲হাৰ লগতে উত্তৰ-পূব সীমান্ত ৰে’লৱে, কণ্টেইনাৰ কর্প’ৰেশ্যন অব৲ ইণ্ডিয়া লিমিটেড আদিৰ অন্যান্য বিষয়াসকলো উপস্থিত আছিল৷
ইফালে, আজি জনতা ভৱনৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মুখ্যমন্ত্রী ড০ শর্মাই উপায়ুক্ত, আৰক্ষী অধীক্ষক, চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকসকলৰ সৈতে ৰাজ্যৰ কভিড পৰিস্থিতি আৰু বান ব্যৱস্থাপনাৰ পর্যালোচনা কৰে৷ কভিড কেয়াৰ চেণ্টাৰ, আই চি ইউ বেডৰ সংখ্যা আৰু অক্সিজেন বেডৰ সংখ্যা, আৰ টি পি চি আৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিবলৈ তেওঁ নির্দেশ দিয়ে৷ এই ক্ষেত্রত উপায়ুক্তসকলক প্রতিদিনে লক্ষ্য নির্ধাৰিত পদক্ষেপ ল’বলৈ ৰাষ্ট্রীয় স্বাস্থ্য অভিযানক মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷কভিড পৰিস্থিতিৰ বাবে আৰোপিত সান্ধ্যআইন আৰু আন্তঃজিলা পৰিবহণৰ বাধা কঠোৰভাৱে বলৱৎ কৰিবলৈ তেওঁ নির্দেশ দিয়ে৷
মুখ্যমন্ত্রীয়ে ১০ দিনৰ ভিতৰত বিপদসংকুল মথাউৰিসমূহৰ শক্তিশালীকৰণৰ কাম সম্পূর্ণ কৰা, বানৰ সময়ত উদ্ধাৰ, সাহায্য ইত্যাদি ক্ষিপ্রভাৱে কিদৰে সম্পন্ন কৰিব পৰা যায় তাৰ বাবে আগতীয়াকৈ সকলো ব্যৱস্থা সাজু ৰখাৰ লগতে চক্র বিষয়াসকলে সদৰ স্থানত থকাটো বাধ্যতামূলক কৰাৰ ব্যৱস্থা কৰিবলৈ উপায়ুক্তসকলকমুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ খালী হৈ থকা চক্র বিষয়াসকলৰ পদসমূহ শীঘ্রে পূৰণৰ বাবে নির্দেশ দি মুখ্যমন্ত্রীয়ে আশ্রয় শিবিৰত থকা বানাক্রান্তই ঘৰলৈ উভতি যোৱাৰ সময়ত যাতে প্রয়োজনীয় সামগ্রী তাৎক্ষণিকভাৱে ক্রয় কৰিব পাৰে তাৰ বাবে ৩,৮০০ টকাকৈ ক্ষিপ্রভাৱে প্রদানৰ ব্যৱস্থা ল’বলৈ উপায়ুক্তসকলক নির্দেশ দিয়ে৷
Comments