গুৱাহাটী, ২৪ মে': আমেৰিকা যুক্তৰাষ্ট্ৰৰ হোৱাইট হাউচৰ পৰিৱেশ সুস্থ হৈ উঠা পৰিলক্ষিত হৈছে। আমেৰিকাৰ সকলো নাগৰিকৰ জীৱনলৈ পুনৰ সুখ ঘুৰি অহা দেখিবলৈ পোৱা হৈছে। কিয়নো আমেৰিকাই ১০০ শতাংশ ভেকছিন প্ৰদান সফল ৰূপত সমাপ্ত কৰি সকলোৱে মাস্ক নিপিন্ধাকৈ আনন্দ ফূৰ্টি কৰা আৰম্ভ কৰিছে। ৰাষ্ট্ৰপতি জ' বিডেন, উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছকে ধৰি ডক্টৰ-নাৰ্চ তথা সাধাৰণ নাগৰিক আটাইৰে মুখত সফল পৰিসমাপ্তিৰ হাঁহি দেখিবলৈ পোৱা গৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰই পূর্ব পৰিকল্পনাৰে ক'ভিড-১৯ ভেকছিনৰ উপলব্ধতা বৃদ্ধি কৰি আৰু সামাজিক দূৰত্বৰ ওপৰত ক্ৰমান্বয়ে নিৰ্দেশনাত জাৰি কৰি এই এই মাস্কবিহীন জীৱনক আঁদৰি ল'বলৈ সক্ষম হৈছে বুলি ৰাষ্ট্ৰপতি জ' বিডেনে জানিবলৈ দিয়ে।
বৰ্তমান হোৱাইট হাউচ মুকলি হোৱাৰ পিছত ৰাষ্ট্ৰপ্ৰধান আৰু উপ-ৰাষ্ট্ৰপতিকে ধৰি সকলো বিষয়ববীয়াই কৰমৰ্ডন, আলিংগন কৰি শুভেচ্ছা জ্ঞাপন কৰিছে। শেষত কমলা হেৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সকলো কাম পূৰ্ণ উদ্যমেৰে কৰিবলৈ আৰম্ভ কৰা হৈছে বুলি মন্তব্য প্ৰদান কৰে।
Comments