গুৱাহাটী, ২৫ মে': কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগ, উৰিষ্যা আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ লগতে আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ লেফটেনেণ্ট গভৰ্ণৰৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ঘূৰ্ণীবতাহ 'য়াছ' সন্দৰ্ভত এক প্ৰস্তুতি আৰু পৰ্যালোচনা বৈঠকত মিলিত হয়। পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উচ্চ-পদস্থ চৰকাৰী বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ অনাগত দিনত আহি থকা ঘূৰ্ণীবতাহ য়াছৰ প্ৰস্তুতিৰ ওপৰত পূৰ্ণ পৰ্যালোচনা কৰিছিল।
অমিত শ্বাহে উচ্চ-পদস্থ চৰকাৰী বিষয়াসকলৰ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এনডিএমএ) প্ৰতিনিধি, টেলিকম, শক্তি, অসামৰিক বিমান পৰিবহন, ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ সচিবসকলৰ সৈতে আহি থকা ঘূৰ্ণীবতাহ য়াছৰ সৈতে মোকাবিলা কৰিবলৈ পূৰ্ণ প্ৰস্তুতিসম্পন্ন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে আৰু বিভিন্ন মতামত গ্ৰহণ কৰে। ইতিমধ্যে সেনা বাহিনীয়ে সমগ্ৰ দেশত ৯৫০ জন এনডিআৰএফ বাহিনীৰ কৰ্মীক বিমানেৰে লৈ দুৰ্যোগৰ পৰা হ'ব লগীয়া প্ৰভাৱ হ্ৰাস কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। লগতে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলাবলৈ ২৬ খন হেলিকপ্টাৰ সাজু কৰি ৰাখিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি, ২৩ মে' পৰ্যন্ত ১৫ খন পৰিবহন বিমান জামনগৰ, বাৰাণসী, পাটনা আৰু আৰাকোনামৰ পৰা কলকাতা, ভুৱনেশ্বৰ আৰু পোৰ্ট ব্লেয়াৰলৈ ৭০ টন সামগ্রী কঢ়িয়াই নিয়া হৈছে।
আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ২৬ মে' তাৰিখে উৰিষ্যা আৰু পশ্চিমবংগৰ উপকূলত ঘূৰ্ণীবতাহ য়াছে আক্ৰমণ চলোৱাৰ পূৰ্ণ সম্ভাৱনা কৰিছে। আই এম ডিয়ে টুইটযোগে জনায় যে, "পূৱ মধ্য বংগোপ সাগৰৰ ওপৰেৰে ঘূৰ্ণীবতাহ 'য়াছে' প'ৰ্ট ব্লেয়াৰত প্ৰায় ঘন্টাত ৬০০ কিলোমিটাৰ পৰ্যন্ত গতিবেগ লৈছে। পৰৱৰ্তী ২৪ ঘণ্টাত ঘূৰ্ণীবতাহ য়াছ তীব্ৰতৰ ৰূপত পৰিণত হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে।
Comments