Choose Language

  • All  
  • English
  • অসমীয়া

মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদৰ আশংকাত আৰক্ষীয়ে আটক কৰা লোকসকলক মুকলি


Published on May 25, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

অখিল গগৈ এজন মানসিক ৰোগী


Published on May 25, 2021|News Source : জনমভূমি

গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ২৪ মে’ ঃ শিৱসাগৰৰ পৰা নৱনির্বাচিত বিধায়ক অখিল গগৈ এজন মানসিক ৰোগী৷ মানসিক ৰোগী বাবে অখিল গগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰি থকা হৈছে৷– এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ নৱনির্বাচিত বিধায়ক গগৈক বিধানসভাৰ আন দুটা দিনতো প্রৱেশৰ অনুমতি দিব লাগিছিল বুলি  কংগ্রেছৰ বিধায়ক ভৰত চন্দ্র নৰহে জনোৱা আহবানৰ প্রত্যুত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই আজি কয় যে অখিল গগৈক চিকিৎসকে মানসিক ৰোগৰ চিকিৎসা কৰি আছে৷

বিধানসভা অধিৱেশনৰ প্রথমটো দিনত অর্থাৎ শপত গ্রহণৰ দিনা সদনৰ মজিয়াত সকলো সদস্যৰ টেবুলে টেবুলে বিধায়ক গগৈ ঘূৰি ফুৰিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে সেইদিনা সদনৰ ভিতৰত অখিল গগৈ তেওঁৰ ওচৰলৈও আহিছিল৷  কভিড প্রট’কল ভাঙি সদনৰ ভিতৰত বিধায়কজন ঘূৰি ফুৰিছিল বুলি অভিযোগ কৰি মুখ্যমন্ত্রীয়ে কয় যে চিকিৎসকৰ মতে বিধায়কজনৰ সেয়াই এক মানসিক বেমাৰ৷ এনে পৰিস্থিতিত বিধানসভাৰ অধ্যক্ষই বিধায়কজনক পৰৱর্তী দিনত কেনেকৈ প্রৱেশৰ অনুমতি দিব বুলি মুখ্যমন্ত্রীয়ে প্রশ্ন কৰে৷

মুখ্যমন্ত্রীয়ে লগতে কয় যে যদি অখিল গগৈয়ে সুস্থ বুলি দাবী কৰে তেন্তে তেওঁ জে’লত যাব লাগিব৷ শপত গ্রহণৰ দিনা অখিল গগৈয়ে কভিড বিয়পাবৰ বাবে বিধায়কসকলৰ টেবুলে টেবুলে ঘূৰি ফুৰিছিল নেকি বুলিও মুখ্যমন্ত্রীয়ে কটাক্ষ কৰে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা অসম বিধানসভালৈ এখন বাছত অনা কার্যক অখিল গগৈয়ে সমালোচনা কৰা কার্যকউভতি ধৰি মুখ্যমন্ত্রীয়ে কয় যে কভিড প্রট’কল মানিবৰ বাবেহে অখিল গগৈক চিটি বাছত অনা হৈছিল৷ সৰু গাড়ীত চাৰি-পাঁচজন নিৰাপত্তাৰক্ষীৰ সৈতে আনিলে তাত  প্রট’কল ভংগ হয়৷ সেই দিশৰ কথা চিন্তা কৰি  চিটি বাছত প্রট’কল মানি আহল-বহলকৈ অনা হৈছিল বুলি আজি মুখ্যমন্ত্রীয়ে আজি চৰকাৰৰ স্থিতি স্পষ্ট কৰে৷

উল্লেখ কৰা উচিত হ’ব যে চিটি বাছত অনাত কেন্দ্র কৰি অখিল গগৈয়ে বিধানসভা চৌহদত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল৷ ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কৰা মন্তব্যৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰি শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে মুখ্যমন্ত্রীজনৰ মন্তব্যই সদনৰ মর্যাদা হানি কৰিছে৷ মুখ্যমন্ত্রীজনৰ অপমানসূচক মন্তব্যত তীব্র অসন্তুষ্টি প্রকাশ কৰি তেওঁ কয় যে মুখ্যমন্ত্রীজনৰ বক্তব্য পাতল চিন্তাৰ মানুহৰ মন্তব্য৷ তেওঁৰ মন্তব্য অশালীন, অমার্জিত আৰু সদনৰ মর্যাদা হানিকৰ আছিল বুলিও কয়৷

আনহাতে অখিল গগৈয়ে আজি এক পত্রযোগে (মেম’ নং এছ আই ভি২০২১০০১৫) বিধানসভাৰ অধ্যক্ষৰ পৰা মুখ্যমন্ত্রীৰ বক্তব্যৰ কার্যবিৱৰণীৰ চার্টিফাইড কপি আৰু তেওঁৰ বক্তব্যৰ দৃশ্য-শ্রাব্যৰ চার্টিফাইড কপি বিচাৰি আৱেদন কৰে৷ তেওঁ শীঘ্রে মুখ্যমন্ত্রীজনৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্রস্তাৱ অনাৰ প্রস্তুতি চলোৱা বুলিও জনাইছে৷ আনহাতে ৰাইজৰ দলেও মুখ্যমন্ত্রীজনৰ বক্তব্যৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয় যে অখিল গগৈৰ কেইবাটাও ৰোগৰ চিকিৎসা চলি আছে৷ কিন্তু তেওঁৰ কি চিকিৎসা চলি আছে, সেয়া এজন ৰোগীৰ ব্যক্তিগত গোপনীয় বিষয়৷ এই বিষয় গোপনীয় হৈ থকাটো ৰোগীগৰাকীৰ অধিকাৰ৷ কিন্তু আজি স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্রীজনে, যিগৰাকী দীর্ঘদিন স্বাস্থ্য মন্ত্রীৰ দায়িত্বত আছিল, এগৰাকী ৰোগীৰ ৰোগৰ বিষয়লৈ তুচছ-তাচিছল্য কৰিছে৷ এই কথা কোনোপধ্যে গ্রহণযোগ্য নহয়৷

 

Ad
Cartoon
View Older

 

December 8, 2022

most read news

    Entertainment
    View Older

    North-East
    View Older

    From Our Archive

    Create Account