Classifieds
View All
গুৱাহাটী,২৪ মে': গুৱাহাটী মহানগৰীক কৃত্ৰিম বানৰ পৰা মুক্ত কৰিবলৈ গুৱাহাটী পৌৰ নিগমে এইবাৰ কিছু আগতীয়াকৈ তৎপৰতাৰে চলাই নিষ্কাশন কৰিছে আৱদ্ধ হৈ থকা নলা–নর্দমা৷
গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংহালৰ নির্দেশৰ পিছত আৰু নৱনিযুক্ত পৌৰপতি দেৱাশিষ শর্মাৰ তত্ত্বাৱধানত পৌৰ নিগমে মহানগৰবাসীক কৃত্রিম বানৰ পৰা সকাহ দিয়াৰ বাবে জি এম চিৰ অধীনস্থ এলেকাৰ প্রতিটো নলা–নর্দমা নিষ্কাশনৰ কাম হাতত লৈছে৷
আৱর্জনাৰে পোত গৈ থকা বশিষ্ঠ, বাহিনী, ভৰলু, মৰাভৰলু আৰু বোন্দাজান পৰিষ্কাৰৰ বাবে পৌৰ নিগমে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷
প্রথম পর্যায়ত বি এন শইকীয়া পথ, জি এছ ৰোড, শ্রীনগৰ পথ, আৰ জি বৰুৱা ৰোড, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদৰ নলা–নর্দমাৰ লগতে ভৰলু, বশিষ্ঠ, বাহিনী আৰু মৰা ভৰলুৰ আৱর্জনা নিষ্কাশনৰ সিদ্ধান্ত লৈছে৷
Comments