গুৱাহাটী, ২৫ মে’- ভাৰতবৰ্ষৰ কভিড মহামাৰী প্ৰতিৰোধৰ যুদ্ধখনত কেন্দ্ৰ্ৰীয় চৰকাৰে হাতত লোৱা প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী জনসংখ্যাৰ হিচাপত পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ। কালিলৈকে প্রতিষেধকৰ ১৯ কোটি ৮৪ লাখ পালি প্রদান কৰা হৈছে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে, ৰাষ্ট্ৰজোৰা কভিড প্রতিষেধক প্রদান অভিযানৰ ১২৯ সংখ্যক দিনটোত কালি ২৩ লাখ ৬৫ হাজাৰৰো অধিক পালি প্রতিষেধক প্রদান কৰা হয়।
কেন্দ্রীয় চৰকাৰে দেশৰ ১৮ৰ পৰা ৪৪বছৰৰ লোকসকলক চৰকাৰী কভিড টীকাকৰণ কেন্দ্রতে নামপঞ্জীয়নৰ সুবিধা প্রদানৰ সিদ্ধান্ত গ্রহণ কৰিছে। এই সুবিধা কেৱল চৰকাৰী প্রতিষেধক প্রদান কেন্দ্রতে লাভ কৰিব পৰা যাব।
অৱশ্যে, বেচৰকাৰী কেন্দ্রসমূহত এই সুবিধা দিয়া নহ'ব যদিও অনলাইনযোগে নাম পঞ্জীয়ন কৰা কোনো হিতাধিকাৰী অন্তিম মুহূৰ্তলৈ প্রতিষেধক গ্ৰহণৰ বাবে উপস্থিত নহ'লে তেনে লোকৰ ক্ষেত্ৰত বেচৰকাৰী কেন্দ্ৰটো এই সুবিধা প্রদান কৰা হ'ব। ইণ্টাৰনেট আৰু ম’বাইল ফ’নৰ সুবিধা নথকালোকসকলৰ প্রতি লক্ষ্য ৰাখিয়েই এই ব্যৱস্থা কৰা হৈছে বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে জনায় আৰু লগতে CoWin Portal ত এই বয়সৰলোকৰ বাবে সমূহীয়া পঞ্জীয়ন্ৰ সুবিধা দিয়াৰ সিদ্ধান্তও গ্রহণ কৰিছে।
Comments