Cartoon
View Older
গুৱাহাটী, ২৫ মে': প্ৰবীণ অসমীয়া অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যলৈ অসম চৰকাৰৰ তৰফৰ পৰা ১ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই অভিনেত্রী গৰাকীৰ বাসগৃহত উপস্থিত হৈ ১ লাখ টকাৰ চেক প্ৰদান কৰে।
অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম অভিনেত্রী অনুপমা ভট্টাচাৰ্যই ফণী শৰ্মাৰ পৰিচালনা কৰা 'ভোগজৰা' আদি বোলছবিত অভিনয় কৰি চলচ্চিত্র জগতখনত বহুতো খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে।
Comments