- ড০ সুশান্ত খাওন্দ
গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে প্ৰতিষ্ঠা লাভ কৰি শেষৰ ফালে কহিমা বেঞ্চত বিশেষ ভাবে ন্যায়িক সেৱা আগবঢ়োৱা ভবেন্দ্ৰ নাথ শৰ্মা নামৰ মানুহজনে ৭৫ বছৰ বয়সত গোলাঘাটৰ নিজ বাসভৱনত কভিডত আক্ৰান্ত হৈ চলিত মে’ মাহৰ ছয় তাৰিখে পুৱা নীৰৱে আমাৰ মাজৰ পৰা গুচি গ'ল। প্ৰচাৰ বিমুখ, নিৰ্লিপ্ত আৰু আপোচহীন এই মানুহজনক তেওঁৰ ঘনিষ্ঠ কেইজনৰ বাহিৰে হয়তো বহুতেই ভালদৰে চিনি নোপোৱাকৈ বা নাম নশুনাকৈয়ে থাকি গ'ল। সততাক সন্মান কৰা আৰু কাৰো তোষামোদ সহ্য কৰিব নোৱাৰা আছিল তেওঁৰ স্বভাৱ। তেওঁ ইমানেই আপোচহীন আছিল যে চৰকাৰী নীতি-নিৰ্দেশনা মানি চলিবলৈ অপাৰগ বুলি কৈ তেওঁ নগালেণ্ড চৰকাৰৰ মহাধিবক্তাৰ পদও প্ৰত্যাখান কৰিছিল। আনৰ কথাত নিজে পতিয়ন গ'লেহে গ্ৰহণযোগ্য বুলি বিবেচনা কৰা মানুহজনৰ দইু-এক বাদ দি কাৰো লগত বিশেষ ঘনিষ্ঠতা নাছিল। কিতাপেই আছিল অবিবাহিত শৰ্মাৰ চিৰলগৰী। বিষয় একোটাৰ ওপৰত তেওঁৰ জ্ঞান আছিল অতি গভীৰ।
তেওঁ বিজ্ঞানৰ ছাত্ৰ নাছিল যদিও এজন ৰসায়ণ বিজ্ঞানত এম ফিল কৰা ছাত্রক এবিধ এচিড সম্পৰ্কে বহু কথা ক'লে - যিটো এচিডৰ নাম ছাত্ৰজনে কেতিয়াও শুনাই নাছিল। গায়ত্ৰী মন্ত্ৰত থকা শব্দাংশৰ সংখ্যাটোকলৈ ইংলেণ্ড আৰু ষ্কটলেণ্ডৰ কোন কোন অধ্যাপকৰ মাজত বিতৰ্ক চলি আছে, সেই বোৰ তেওঁৰ জিভাৰ আগত। এনে বোৰ বিতৰ্কৰ আধাৰ বিশ্লেষণাত্মক দৃষ্টিৰে বিচাৰ- বিবেচনা কৰিব পৰাটো কম বুদ্ধিমত্তাৰ পৰিচায়ক নহয়। শংকৰাচাৰ্য্যৰ নিৰ্গুণ আৰু সগুণৰ আচল ধাৰণাটো কি ? শ্লোক কি আৰু মন্ত্ৰ কি ? চিলিং ফেনৰ কাৰ্ভেচাৰটো কি ? ই কেনেকৈ বেয়া হ'ব পাৰে আৰু বেয়া হোৱাৰ ফলত নো কি হয়? এনেবোৰ কথাৰ সকলো প্ৰশ্নৰ উত্তৰ তেওঁ খুটি-নাতি মাৰি বিস্তৃত ভাবে ক'ব পাৰিছিল সাধাৰণ ভাষাৰে। যি সকল ব্যক্তি তেওঁৰ সান্নিধ্যলৈ অহাৰ সুযোগ পাইছিল, তেওঁলোকে উপলব্ধি কৰিছিল তেওঁৰ বুদ্ধিদীপ্ত প্ৰতিভাৰ কথা। তেওঁ আছিল জ্ঞানৰ আকৰ। প্ৰখৰ মেধা শক্তিৰ লগত ৰজিতা খোৱাকৈ তেওঁৰ স্মৰণ শক্তি আছিল বিস্ময়কৰ।
সাধাৰণ ভাৱে শিক্ষিত এজনৰ ওচৰত তেওঁ অলপ অসুবিধাত পৰিছিল কিয়নো আনে য'ত শেষ কৰে, সেই ঠাইত তেওঁৰ আৰম্ভ হয়। কিতাপৰ (পিচলৈ কম্পিউটাৰ) মাজত সোমাই থকা এনে এজন জ্ঞানপিপাসু মানুহ, যিজনে কোনো ব্যৱস্থাতে নিজক অন্তৰ্ভূক্ত কৰিবলৈ টান পাইছিল, তেওঁ কিন্তু ৰাজনৈতিক ভাবে সচেতনও আছিল। অসম আন্দোলনৰ সময়ত ইয়ং লয়াৰ্চ ফ'ৰামক প্ৰতিনিধিত্ব কৰি গণসংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কমিটিত আছিল আৰু প্ৰথম দইু/তিনি বাৰ দিল্লীত আলোচনাত ভাগও লৈছিল। সেই গোটেই সময়ছোৱা তেওঁ ক’ৰ্ট-কাছাৰী বাদ দি একানপতীয়াকৈ লাগি গৈছিল সংগ্ৰামত। সেইখিনি সময়ত আন্দোলন আৰু অসম সম্পৰ্কীয় তেওঁৰ বহু লিখনি প্ৰকাশ পাইছিল, ইয়াৰ অধিকাংশ আছিল ইংৰাজীত। কিন্তু কোনো লেখাই নিজৰ নামত ছপা হোৱা নাছিল।
এবাৰ কোনো এটা কমিছনৰ কামত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন সতীৰ্থৰে সৈতে যাবলগীয়া হৈছিল গাৰো পাহাৰৰ এক ভিতৰুৱা অঞ্চললৈ, উদ্দেশ্য আছিল গাওঁবুঢ়াকে আদি কৰি কেইজনমান লোকক জেৰা কৰা। দুয়োজনে নিজ নিজ কোঠাত কাম আৰম্ভ কৰিলে। শেষৰ দিনা প্ৰতিবেদন জমা দিবৰ পৰত তেওঁক গাৰো ভাষাত গাওঁবুঢ়াৰ লগত বাৰ্তালাপ কৰি থকা দেখি সকলোৱে তবধ মানিলে। তেতিয়া শৰ্মাই ক'লে যে তেওঁ গাৰো ভাষা নেজানিছিল। কিন্তু, যেতিয়া তেওঁক সেই দায়িত্ব অৰ্পণ কৰা হ'ল, তেওঁ ভাবিলে যে গাৰো ভাষাটো নেজানিলে তেওঁৰ জেৰা কৰা কামটো নিখুতঁ নহ'ব। তাকে ভাবি সেই কামত ধৰাৰ কিছু আগতীয়াকৈ গাৰো ভাষা শিকাৰ বাবে কিতাপ-পত্ৰৰ লগতে অ ডি অ' কেছেটও যোগাৰ কৰি নিজকে প্ৰস্তুত কৰি লৈছিল।
এই সতীৰ্থ গৰাকীৰ পৰা জানিব পৰা এনে ধৰণৰ ঘটনা আমাৰ মাজত বৰ সহজে উপলদ্ধ নহয়। তেওঁৰ অধ্যয়নৰ আটাইতকৈ প্ৰিয় বিষয় আছিল- উত্তৰ পূৰ্বাঞ্চলৰ জনজাতি । এই বিষয়ৰ অনেক পুথি আছে তেওঁৰ গ্ৰন্থাগাৰত। তদপুৰি, তে ওঁ নিজে গৈ জনজাতীয় গাওঁসমহূ ভ্ৰমণ কৰি যি জ্ঞান বা অভিজ্ঞতা লাভ কৰিছিল- এই সকলো দিশ সামৰি এখন পুথি ৰচনাত তেওঁ ব্যস্ত আছিল শেষৰ দহ বছৰমান।
পুৰণি শিৱসাগৰ জিলাৰ এগৰাকী মুধাফুটা উকীল, যি বৃটিছ চৰকাৰৰ দিনত টুৰা আৰু নগাঁৱত ক্ৰমে এ ডি চি আৰু ডি চি হিচাবেও কাম কৰিছিল, সেইজন উকীলেই আছিল ভবেনশৰ্মাৰ পিতৃ উপেন্দ্ৰনাথশৰ্মা। অতি কম বয়সতে পিতৃহাৰা হোৱা ভবেন শৰ্মা তলৰ শ্ৰেনীত থাকোতে বিপথে যোৱাৰ সামান্য উমান পাওতেই বুদ্ধিমতী আৰু দূৰদৰ্শী মাক সৰোজ বালা দেৱীয়ে পুত্ৰক এন চি চি ত ভৰ্ত্তি কৰি দিয়াৰ লগে লগে ইংৰাজীৰ এজন ঘৰুৱা শিক্ষকো যোগাৰ কৰি দিয়ে। অতি কম সময়ৰ ভিতৰতে তেওঁ শৃংখলিত হৈ পৰিল আৰু ইংৰাজীত ইমানেই ভালহৈ পৰিলযে ১৯৬৬চনৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত তেওঁ ইংৰাজীত দ্বিতীয় সৰ্বোচ্চ স্থান লাভ কৰিবলৈ সমৰ্থ হৈছিল। ভাল তাৰ্কিক হিচাপে স্কুলত তেওঁৰ এক পৰিচয় আছিল আৰু গোলাঘাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৬৫চনত তেওঁ সাধাৰণ সম্পাদকও আছিল।
কটন কলেজলৈ আহি তেওঁ সদায় কুইজ প্ৰতিযোগিতাত পুৰস্কাৰ বুটলিবলৈ সমৰ্থ হৈছিল। সেইবোৰ সময়ত দিলীপ কাকতিচাৰ আছিল কুইজ পৰিচালক। সেইসময়ৰ ইংৰাজীৰ মুৰব্বী তাৰিনীকান্ত ভট্টাচাৰ্যদেৱৰ তেওঁ প্ৰিয়ছাত্ৰ আছিল।
মাৰ্ক্সবাদত কোনো ধৰণৰ বিশ্বাস নথকা এই ব্যক্তি গৰাকীৰ তেঁওৰ একালৰ শিক্ষক ড০ হীৰেন গোহাঁইচাৰৰ লগতো এক ঘনিষ্ঠ বন্ধুত্ব আছিল। ১৯৭১ চনত ইংৰাজীত এম এ পাছ কৰাৰ পিছৰ প্ৰায় এবছৰমান তেওঁ প্ৰত্যেক সন্ধিয়া আলোচনা - বিলোচনাৰ বাবে চাৰৰ ঘৰত মিলিত হৈছিল। পিছত চাকৰি সূত্ৰে মংগলদৈৰ পৰা নগাঁও গাৰ্লছ কলেজলৈ যাব লগা হোৱাত গুৱাহাটী এৰিব লগীয়া হ'ল আৰু সম্ভব সেই সম্বন্ধও তেতিয়াই য’তি পৰিল।
১৯৭৫ চনত গুৱাহাটী উচ্চন্যায়ালয়ত যোগদান কৰাৰ কিছুদিন পিছত এবাৰ তেতিয়াৰ ন্যায়াধীশ প্ৰয়াত ভোলানাথ শৰ্মাই কৰ্মত সন্তুষ্টহৈ তেওঁক মতাই নি "কাৰল'ৰা, ক'তঘৰ" ইত্যাদি প্ৰশ্ন কৰিলে।সকলো কথা জানিব পাৰি ন্যায়াধীশ গৰাকীয়ে ক'লে, "তোমাৰ দেউতাৰা বৰ ডাঙৰ উকীল আছিল। তেনেকুৱা হ'ব লাগিব। ১৯৪৫-৪৬ চনতে তেখেতৰ দৈনিক উপাৰ্জন আঠশ টকাৰ কম নাছিল। ভালকৈ কাম কৰা।"
ভবেন্দ্ৰনাথ শৰ্মাই উচ্চ ন্যায়ালয়ত কেৱল সাংবিধানিক বা দেৱানী ক্ষেত্ৰখনতেই যে বিশেষ নাম কৰিছিল এনে নহয়। তেওঁ ফৌজদাৰী ক্ষেত্ৰখনতো চমকপ্ৰদ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল। বিশিষ্ট আইনজ্ঞ, অসমৰ প্ৰাক্তন মহাধিবক্তা শ্ৰী পি কে গোস্বামীয়ে শৰ্মাৰ মৃত্যুত গভীৰ দুখ আৰু শোক প্ৰকাশ কৰি কয় যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কহিমা বেঞ্চখনক এক গতি প্ৰদান কৰি সণ্জীবিত কৰি ৰখাৰ সম্পূৰ্ণ কৃতিত্ব সদ্যপ্ৰয়াত ভবেনশৰ্মাৰ।
Comments