Classifieds
View All
গুৱাহাটী, ২৫ মে’- অসমৰ শক্তি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিচত ৰাজ্যৰ নৱতম শক্তিমন্ত্ৰী শ্ৰী যুত বিমল বৰা আজি প্ৰথম বাৰৰ বাবে অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ প্ৰধান কাৰ্য্যালয় গুৱাহাটীৰ পল্টন বজাৰত অৱস্থিত বিজুলি ভৱনত উপস্থিত হয়। অসম শক্তি উৎপাদন নিগম লিমিটেডৰ সঞ্চালক ব’ৰ্ডৰ অধ্যক্ষ অৱসৰ প্ৰাপ্ত আই এ এছ ভি কে পিপাৰ্ছিনিয়াই তেওঁক আদৰণি জনায়। তাৰ পিচত অসম শক্তি উৎপাদন নিগম লিমিটেডৰ বিষয় ববীয়াৰে মন্ত্ৰী গৰাকী এক বৈঠকত মিলিত হয়।
Comments