গুৱাহাটী, ২৬ মে': পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেব ভট্টাচাৰ্যক মঙলবাৰে আবেলি কলকাতাৰ এখন চিকিৎসালয়ত তৎকালীনভাৱে ভৰ্তি কৰোৱা হয়।
প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ১৮ মে' তাৰিখে ক'ভিড-১৯ ত আক্রান্ত হোৱাৰ খৱৰ পোৱা গৈছিল। শেহতীয়াকৈ শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱাৰ লগতে নিদ্ৰাহীনতাত ভুগাৰ ফলত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
প্ৰাক্তন মুখ্যমন্ত্ৰী ভট্টাচাৰ্যই বহু বছৰৰ পৰা ক্ৰনিক অবষ্ট্ৰাক্টিভ পালম'নাৰী ডিজিজ (চি.ও.পি.ডি.)ত ভুগি আহিছে। বৰ্তমান ৩ লিটাৰ অক্সিজেনৰ সৈতে অক্সিজেন মাত্ৰা ৯২ শতাংশ ৰাখি চিকিৎসকসকলে সচেতন অৱস্থাত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক তত্বাবধানত ৰাখিছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে।
ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (মাৰ্ক্সবাদী) জ্যেষ্ঠ নেতা ভট্টাচাৰ্য ২০০০ চনৰ পৰা ২০১১ চনলৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী আছিল।
Comments