গুৱাহাটী, ২৫ মে': দেশত ক'ভিড-১৯ ৰোগীৰ বাবে চিকিৎসা সামগ্রীৰ লগতে বিচনাৰ অভাৱ হৈছে। ক'ভিড ৰোগীৰ সুবিধাৰ্থে ত্ৰিপুৰাৰ এখন ব্যক্তিগত হোটেলক জিলা প্ৰশাসনে ক'ভিড যতনৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিছে। ফলত ৰাজ্যখনৰ বৰ্ধিত ক'ভিড ৰোগীৰ যথেষ্ট পৰিমাণে সহায় হোৱা পৰিলক্ষিত হৈছে।
আগৰতলাৰ জিঞ্জাৰ হোটেলখন জিলা প্ৰশাসনে ব্যক্তিগত ক'ভিড যতনৰ কেন্দ্ৰ হিচাপে ঘোষণা কৰি এখন জাননী জাৰি কৰে। কেন্দ্ৰটোত সপ্তাহৰ ২৪ ঘন্টাই ক'ভিড ৰোগীসকলক ডিভাইন টাচ মেডি-ক্লিনিক নামৰ এখন ব্যক্তিগত নাৰ্চিং হোমৰ স্বাস্থ্য কৰ্মীৰ দ্বাৰা সেৱা প্ৰদান কৰা হ'ব বুলি প্ৰশাসনে জানিবলৈ দিয়ে। ক'ভিড যতনৰ কেন্দ্রটোত আৰম্ভণিতে ৩০-৫০ খন ক'ভিড চিকিৎসা বিচনা স্থাপন কৰা হ'ব।
ইয়াৰে ১০ খন বিচনা অক্সিজেনযুক্ত হ'ব। ক'ভিড চিকিৎসাৰ বাবে প্ৰত্যেক ব্যক্তিৰ পৰা চিকিৎসা সেৱাৰ বাবদ ৩,৫০০ টকাকৈ মাচুল গ্ৰহণ কৰা হ'ব। সেই অনুযায়ী ডাঙৰ কোঠালিৰ বাবদ ৪,০০০ আৰু বেছি সময়ৰ বাবে ৫,০০০ টকা ধাৰ্য্য কৰা হ'ব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। উক্ত ক'ভিড চিকিৎসা সেৱাৰ ভিতৰত খাদ্য, পানীৰ ব্যৱস্থা, ঔষধ, অক্সিজেন আদি সকলো উপলব্ধ থাকিব।
উক্ত বিষয় সন্দৰ্ভত মহামাৰী ৰোগ আইন ১৮৯৭ আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ অধীনত, জিঞ্জাৰ হোটেলক "পেইড ক'ভিড কেয়াৰ চেণ্টাৰ" হিচাপে ঘোষণা কৰিবলৈ আগৰতলাৰ দণ্ডাধীশ ৰাভাল হামেন্দ্ৰ কুমাৰে নিৰ্দেশ দিছিল। বৰ্তমান উক্ত ক'ভিড যতন কেন্দ্ৰলৈ ৰূপান্তৰ কৰা হোটেলখনত শীঘ্রে নিৰীক্ষণৰ বাবে এজন স্বাস্থ্য বিষয়া মনোনীত কৰিবলৈ দণ্ডাধীশ গৰাকীয়ে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে।
ত্ৰিপুৰাত বৰ্তমান ৫৯০৭ জন সক্ৰিয় ক'ভিড ৰোগী আছে। আনহাতে ৰাজ্যখনত ক'ভিড-১৯ত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৩৩৩ জন অতিক্ৰম কৰিছে।
Comments