গুৱাহাটী, ২৬ মে': আগন্তুক ২৬-২৭ মে' ত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে(আইএমডি) ঘূৰ্ণীবতাহ য়াছৰ প্ৰভাৱৰ বাবে অসম আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ত তীব্র বৰষুণ অহাৰ সম্ভাৱনা প্ৰকট কৰিছে। ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে দুয়োখন ৰাজ্যক কমলা ক্ষেত্র হিচাপে চিনাক্তকৰণ কৰি সতৰ্কতা জাৰি কৰিছে।
ঘূৰ্ণীবতাহ য়াছ সন্দৰ্ভত বতৰ বিজ্ঞান বিভাগে টুইটাৰযোগে কয় যে, "২৬ আৰু ২৭ মে'ত অসম-মেঘালয়, উৰিষ্যা আৰু পশ্চিমবংগত আৰু ২৮ মে'ত বিহাৰত য়াছৰ প্ৰভাৱত সাগৰীয় উপকূলত জোৱাৰ সৃষ্টি হোৱাৰ লগতে প্ৰৱল বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ উঠিছে।" ইতিমধ্যে উক্ত বিষয় সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘূৰ্ণীবতাহ য়াছৰ সৈতে মোকাবিলা কৰিবলৈ অসম, ছিকিম আৰু মেঘালয়ৰ প্ৰস্তুতিৰ বিষয়ে অৱগত হয়।
আনহাতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত উল্লেখ কৰে যে, "২৬-২৭ মে'ত ঘূৰ্ণীবতাহ য়াছে অসমত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ফোনযোগে অসম, ছিকিম, মেঘালয়ৰ প্ৰস্তুতিৰ বিষয়ে অৱগত হয় আৰু কেন্দ্রৰ তৰফৰ পৰা জৰুৰীকালীন সেৱাসমূহ কাৰ্যকৰী কৰা হৈছে বুলি অৱগত কৰে।"
ইপিনে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উপ-সঞ্চালক প্ৰধান সঞ্জয় শ্ব'য়ে কয় যে, "তীব্ৰ ঘূৰ্ণীবতাহ য়াছে অসম বা উত্তৰ-পূবত প্ৰৱেশ কৰাৰ সম্ভাৱনা ক্ষীণ, অৱশ্যে, ৰাজ্যদুখনত ২৬ ৰ পৰা ২৭ মে' পৰ্যন্ত প্ৰবল বৃষ্টিপাত আৰু বজ্ৰপাত পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।"
ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে ঘূৰ্ণীবতাহ য়াছৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰভাৱিত হোৱাৰ সম্ভাৱনা কৰা চহৰসমূহত এনডিআৰএফৰ ৩৫ টা দল মোতায়ন কৰিছে। তদুপৰি, আইএমডিয়ে জনায় যে পূব-মধ্য বংগোপসাগৰৰ ওপৰেৰে অহা ঘূৰ্ণীবতাহত অতি তীব্ৰতৰ ৰূপত পৰিণত হৈছে।
ইতিমধ্যে পূৱ ৰে'লৱেই আহি থকা ঘূৰ্ণীবতাহৰ প্ৰতি লক্ষ্য ৰাখি, ২৪ মে'ৰ পৰা ২৯ মে'ৰ পৰ্যন্ত ২৫ খন ৰে'ল বাতিল কৰিছে।
Comments