গুৱাহাটী,২৮ মে': প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি উৰিষ্যা আৰু পশ্চিমবংগ ভ্ৰমণ কৰি দুয়োখন উপকূলীয় ৰাজ্যত ঘূৰ্ণীবতাহ য়াছৰ ফলত হোৱা ক্ষতি নিৰীক্ষণ কৰিব। প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰথমে ভুৱনেশ্বৰত অৱতৰণ কৰিব, য'ত উৰিষ্যাৰ বালাচোৰ, ভদ্ৰক আৰু পশ্চিম বংগৰ পূৰ্ব মেদিনীপুৰৰ আকাশমাৰ্গৰ পৰা নিৰীক্ষণ কৰাৰ পূর্বে বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হ'ব।
আনহাতে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ঘূৰ্ণীবতাহৰ প্ৰভাৱ সন্দৰ্ভত এখন বৈঠকত সভাপতিত্ব কৰিছিল আৰু বিষয়াসকলক ক্ষতিগ্রস্ত হোৱা লোকসকলক পুনৰা সংস্থাপন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। বৈঠকৰ পিছত জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি পশ্চিমবংগ আৰু উৰিষ্যাত ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনী (এন ডি আৰ এফ)ৰ প্ৰায় ১০৬ টা আৰু ৪৬ টা দল মোতায়েন কৰা হৈছিল যিয়ে ১,০০০ ৰো অধিক লোকক উদ্ধাৰ কৰিছিল।
আনহাতে উক্ত দলসমূহে ২,৫০০ ৰো অধিক বতাহৰ ফলত বাগৰি পৰা গছ আৰু খুটা আঁতৰ কৰি যাতায়াতৰ পথবোৰ মুকলি কৰিছিল। যদিও ঘূৰ্ণীবতাহ য়াছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অনুমান কৰা ধৰণৰ ভয়াবহ নাছিল, তথাপি ইয়াৰ ফলত সাগৰপৃষ্ঠ ৪ মিটাৰ লৈকে ওফন্দি উঠিছিল।ফলত বালাচোৰ আৰু ভদ্ৰকৰ উপকূলীয় গাওঁবোৰ প্লাবিত হোৱাৰ লগতে ভূমিস্খলন হৈছে। ক্ষতিগ্ৰস্ত ৰাজ্যবোৰৰ উপকূলীয় অঞ্চলসমূহৰ পৰা প্ৰায় ১ নিযুতৰো অধিক লোকক স্থানান্তৰ কৰা হৈছিল।
Comments
সুদিনৰ দিশে ভাৰত: ২ কোটিৰো অধিক লোক ক'ৰনামুক্ত
Published on May 28, 2021|News Source : অৰূপ ডেকা
বিগত ২৪ ঘন্টাত মুঠ ১,৮৬,৩৬৪ জন লোক ক'ৰনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ খৱৰ পোৱা হৈছে। যি বিগত ৪৪ দিনৰ ভিতৰত সৰ্বনিম্ন আক্ৰান্ত হোৱা লোকৰ সংখ্যা হিচাপে স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিয়ে।
আনহাতে বিগত ২৪ ঘন্টাত ৩,৬৬০ জন লেকৰ ক'ভিড-১৯ত মৃত্যু হৈছে। ইয়াকে লৈ দেশত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৩,১৮,৮৯৫ জনলৈ বৃদ্ধি পাইছে।
লগতে, বিগত ২৪ ঘন্টাত ২০,৭০,৫০৮টা ক'ভিড পৰীক্ষা সম্পন্ন হৈছে, যাৰ ফলত দেশত বৰ্তমানলৈ ৩৩,৯০,৩৯,৮৬১ টা ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে বুলি চৰকাৰী তথ্য প্ৰকাশ কৰা হৈছে।
ইপিনে ২,৪৮,৯৩,৪১০ জন লোক ক'ভিড-১৯ৰ পৰা আৰোগ্য হোৱাৰ পিছত দেশত দৈনিক ক'ভিড-১৯ত আৰোগ্য হোৱা ৰোগীৰ হাৰ হাৰ ৯০.৩৪ শতাংশলৈ উন্নীত হৈছে বুলি স্বাস্থ্য মন্ত্রণালয়ৰ তথ্যত প্ৰকাশ পাইছে।
ভাৰতত বিগত বৰ্ষত ক'ভিড-১৯ আক্ৰান্তৰ সংখ্যা ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ আৰু ১৬ ছেপ্টেম্বৰত ৫০ লাখ সীমা অতিক্ৰম কৰিছিল। লগতে ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ অতিক্ৰম কৰিছিল। পৰৱৰ্তী সময়ত ১৯ ডিচেম্বৰত ১ কোটিৰো সীমা অতিক্ৰম কৰে, আৰু চলিত বৰ্ষত ৪ মে'ত ভাৰতে ভয়ংকৰভাৱে ২ কোটি আক্ৰান্তৰ সীমা অতিক্ৰম কৰিছিল।