চেলেংহাট, ২৮মেঃ অসমৰ দিচৈভেলী বনাঞ্চলৰ নিউসোণোৱাল আৰক্ষী নিৱেশৰ পৰা নাতিদূৰৈত সংৰক্ষিত বনাঞ্চলৰ ভূমি নগালেণ্ডে অবৈধভাৱে বেদখল কৰাৰ পাছতে দুয়োখন ৰাজ্যৰ সীমান্তত ব্যাপক অস্থিৰতাই বিৰাজ কৰিছে।বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত বেদখলকৃত বিবদমান অঞ্চলৰ ভূমিত অসমীয়ালোকক উদ্দেশ্য কৰি নগা দুৰ্বৃত্তই গুলীবৰ্ষণ কৰাৰ ফলত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কথমপি প্ৰাণৰক্ষা পৰে। একেসময়তে বিধায়ক গৰাকীৰ লগত যোৱা দীপাংকৰ বাৰুৱতী আৰু জয়নাৰায়ণ ৰাও নামৰ দুগৰাকী সাংবাদিক আঘাতপ্ৰাপ্ত হৈছে। দুয়োগৰাকীকে ততাতৈয়াকৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।
আনহাতে গুলীয়াগুলী ঘটনাৰ পাছৰে পৰাই সীমান্তত উত্তেজনা চুড়ান্ত পৰ্যায় পাইছেগৈ। ঘটনাৰ প্ৰকৃত অনুসন্ধানৰ বাবে মৰিয়নিৰ বিধায়কগৰাকীয়ে প্ৰশাসনক ২৪ ঘণ্টা সময় বান্ধি দিছে। ঘটনাৰ বিৱৰণ অনুসৰি মঙ্গলবাৰে বনাঞ্চলখনৰ কাষৰে নামনি বনগাওঁ আৰু ভৱানীপুৰ গাৱঁৰ মাজত চুবুৰীয়া ৰাজ্য নগালেণ্ডে বিত্তবস্তিৰ পৰা এক কিলোমিটাৰ ভিতৰলৈ সোমাই আহি নতুনকৈ স্থাপন কৰা এখন নগা গাওঁ অসম আৰক্ষীয়ে দুদিনৰ আগত উচ্ছেদ কৰাৰ পাছৰপৰাই পৰিস্থিতিৰ অৱনতি ঘটে।
বৃহস্পতিবাৰে সেই বিবদমান অঞ্চলত দুপৰীয়াৰ ভাগত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে লগত একাংশ স্থানীয় গাওঁবাসী আৰু সাংবাদিকৰ দল লগত লৈ উপস্থিত হোৱাৰ লগে লগে পৰিস্থিতিৰ অধিক অৱনতি ঘটে। বিধায়কগৰাকী সেইস্থানত উপস্থিত হোৱাৰ লগে লগে জাকে জাকে নগালোক ওলাই আহি অসমৰপৰা যোৱা দলটোক উদ্দেশি প্ৰথমে খেদি আহে। কিন্তু তেওঁলোকৰ ভাবুকিলৈ অসমীয়া মানুহখিনিয়ে কেৰেপ নকৰাত জোপোহাৰ আঁৰলৈ তেওঁলোকে গুলীবৰ্ষণ কৰে। গুলীবৰ্ষণ আৰম্ভ কৰাৰ পাছতে বিধায়কৰ লগতে অন্যান্য লোকসকলে সেইস্থানৰ পৰা পিছহুঁহকি আহিবলৈ লোৱাৰ পাচতো নগা দূৰ্বৃত্তই ধাৰাসাৰ গুলীবৰ্ষণ অব্যাহত ৰাখে। বিধায়ক দলটোৰ লগত যোৱা দুজন দেহৰক্ষী আৰু চাৰিগৰাকী অসম আৰক্ষীৰ জোৱানেও ওলোটাই প্ৰত্যুত্তৰ দিয়াত নগা দুৰ্বৃত্তৰ দলটোৱে গুলীবৰ্ষণ কৰিবলৈ এৰি দিয়ে যদিও তেওঁলোকে অসমৰ বেদখলকৃত ভূমিত বাহৰপাতি অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ সমৰসজ্বাৰে যুদ্ধংদেহি পৰিৱেশ গঢ়ি তুলিছে।
পাহাৰৰ ভূমিত নগাই গঢ়ি তোলা সমৰসজ্বাৰ পিছতেই অসম আৰক্ষীয়েও প্ৰায় দুই কিলোমিটাৰ আঁতৰত ততাতৈয়াকৈ অঞ্চলটোত ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে যদিও বিবদমান অঞ্চলটোলৈ গৈ নগা দুৰ্বৃত্তসকলক আঁতৰাই পঠাবলৈ সক্ষম হোৱা নাই। ঘটনা সংঘটিত হোৱাৰ পাছতে যোৰহাট জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈন, তিতাবৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া নিতুমণি দাসকে ধৰি অসম আৰক্ষীৰ শীৰ্ষ পদবীধাৰী সকলে ঘটনাস্থলী পৰ্যবেক্ষণ কৰিছে।
আনহাতে ঘটনাৰ পিছতে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গৃহবিভাগৰ নিলিপ্ততাক তীব্ৰভাষাৰে গৰিহণা দিছে। চুবুৰীয়া ৰাজ্যখনে অসমৰ মাটিত অবাধ বেদখল কৰা বিষয়ত আশ্চৰ্য প্ৰকাশ কৰি বিধায়কগৰাকীয়ে অসমৰ চৰকাৰ আৰু গৃহবিভাগে কোনো পদক্ষেপ নোলোৱাৰ বাবেই আজিৰ দৰে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হোৱাৰ পাছত অসম চৰকাৰক কঠোৰ পদক্ষেপ ল'বলৈ দাবী জনাইছে। চৰকাৰৰ ৰহস্যজনক মৌনতাৰ বিপৰীতে বিধায়ক হিচাপে সমষ্টিটোৰ সীমাৰেখা সঠিককৈ ৰখাতো তেখেতৰ নৈতিক দায়িত্ব বুলি মন্তব্য কৰে। “এই ঘটনাৰ পিছত যদি অসম আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰত বেদখলকৃত ভূমিৰপৰা নগালোকসকলক আঁতৰাই পথাবলৈ সক্ষম নহয় তেতিয়াহ'লে অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী আন্দোলন গঢ়ি তোলা হ'ব“ - বুলি বিধায়ক গৰাকীয়ে হুংকাৰ দিছে।
উল্লেখ্য যে, ৰাজ্যখনৰ পৰিসীমা সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ সীমাহীন হেমাহি, বনাঞ্চল সুৰক্ষাৰ নামত পৰ্যাপ্ত বনকৰ্মীৰ অভাৱ আৰু অন্যান্য আনুষংগিক দুৰ্বলতাৰ সুযোগ লৈ সীমামূৰীয়া তিনিওখন বনাঞ্চলতে চুবুৰীয়া ৰাজ্য নগালেণ্ডে অবাধে বনধ্বংস কৰি বেদখল কৰি আহিছে। চুবুৰীয়া ৰাজ্যখনৰ অসমৰ ভূ-খণ্ডৰ ওপৰত অবাধ আগ্ৰাসনৰ বিষয়টো ৰাজ্য গৃহ বিভাগৰ অৱগত যদিও নিমাত-নিতাল।
Comments