Choose Language

  • All  
  • English
  • অসমীয়া

আহোম জনগোষ্ঠীক লৈ বিতৰ্কিত মন্তব্য:অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ'ল বিধায়ক ভৰত নৰহ


Published on May 28, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু ছেবা:ছেবা কৰ্তৃপক্ষৰ সৈতে ‘আছু’ৰ গুৰুত্বপূৰ্ণ বৈঠক


Published on May 28, 2021|News Source : প্ৰণৱজ্যোতি দত্ত,ফটোঃ ৰেৱ কুমাৰ বৰা

গুৱাহাটী,২৮মে':ক'ভিডৰ আতংকৰ মাজতে এতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সৃষ্টি হৈছে সমস্যাৰ।যাৰ ফলত শিক্ষাৰ্থীসকলো চিন্তিত হৈ পৰিছে।এনে সময়তে হাইস্কুল শিক্ষান্ত পৰীক্ষা কিদৰে অনুষ্ঠিত হ’ব সেই সন্দৰ্ভত ‘ছেবা কৰ্তৃপক্ষ’ৰ সৈতে ‘আছু’ৰ কেন্দ্ৰীয় নেতৃত্বই আজি পুনৰ এক বৈঠকত মিলিত হয়৷উল্লেখযোগ্য যে,কৰ'নাকেন্দ্ৰিক পৰিস্থিতিৰ মাজত ছাত্ৰ ছাত্ৰীসকলৰ যাতে কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আছুৱে ছেবাক আহ্বান জনাইছে।

`আছু' আৰু 'ছেবা'ৰ আলোচনা--------

১)অতি সোনকালে ছাত্ৰ-ছাত্ৰীক পৰীক্ষা প্ৰণালীৰ সন্দৰ্ভত ৰাজহুৱা কৰিবলৈ ছেবাক আছুৰ আহ্বান।


২)ক’ভিডৰ এই জটিল পৰিস্থিতিত ছাত্ৰ-ছাত্ৰী, অভিভাৱক মানসিক চাপত আছে।তালৈ লক্ষ্য ৰাখি অতি সোনকালে ছেবাক পৰীক্ষাৰ সন্দৰ্ভত স্থিতি ৰাজহুৱা কৰিবলৈ আহ্বান জনায়।


৩)পৰীক্ষাকেন্দ্ৰত মাস্ক, ছেনিটাইজাৰ যোগান ধৰাৰ বাবে আহ্বান ‘আছু’ৰ৷


৪)পৰীক্ষা চেণ্টাৰ বৃদ্ধিৰ বাবে আছুৰ আহ্বান। 


৫)ছেবাই মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু বুলি জানিবলৈ দিয়ে৷ 


৬)স্বাস্থ্যবিভাগৰ পৰা অনুমতি পালে ‘ছেবা’ই অনুষ্ঠিত কৰিব পাৰিব পৰীক্ষা।


৭)পৰীক্ষাৰ বাবে ২৩২ টা নতুন চেণ্টাৰ খোলাৰ বাবে ব্যৱস্থা কৰিছে ছেবা কৰ্তৃপক্ষই।

most read news
    Cartoon
    View Older

     

    October 17, 2021


    Entertainment
    View Older

    North-East
    View Older

    From Our Archive

    Create Account