গুৱাহাটী, ২৭ মে': দিল্লী চৰকাৰে ব্যক্তিগত চিকিৎসালয়ৰ সৈতে মিত্ৰতা কৰি অধিক মূল্যত ক'ভিড-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে জনতাক বাধ্য কৰিবলৈ ইচ্ছাকৃতভাৱে এক পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি দিল্লী কংগ্ৰেছৰ মুৰব্বী অনিল কুমাৰে অভিযোগ উত্থাপন কৰে।
কংগ্ৰেছৰ মুৰব্বী গৰাকীয়ে কয় যে, "ভেকছিনৰ গুৰুতৰ অভাৱৰ বাবে দিল্লীৰ বেছিভাগ মানুহে হয় প্ৰথম অথবা দ্বিতীয় পালিৰ বাবে অপেক্ষা কৰি আছে। লগতে মুৰব্বী গৰাকীয়ে এইটোও কয় যে, "অৰবিন্দ কেজৰিৱাল চৰকাৰে ভেকছিন ক্ৰয়ৰ ক্ষেত্ৰত মোডী চৰকাৰৰ সৈতে সংঘাতত লিপ্ত হৈ আছে।"
শেষত কংগ্রেছ মুৰব্বী অনিল কুমাৰে কয় যে, "দৰিদ্ৰ লোকসকল ব্যক্তিগত চিকিৎসালয়ত ্টীকা গ্ৰহণ কৰিবলৈ যোৱাৰ কাৰণ চৰকাৰে ব্যাখ্যা কৰা উচিত আৰু দৰিদ্ৰ লোকসকলৰ টীকাকৰণৰ ব্যয় বহন কৰাটো চৰকাৰৰ দায়িত্ব যিহেতু মহামাৰীৰ ফলত বেছিভাগ লোকেই গুৰুতৰভাৱে আৰ্থিক অনাতনত ভুগিছে সেয়েহে দিল্লীবাসীক বিনামূলীয়া টীকাকৰণ কৰাটো উচিত।"
Comments