Choose Language

  • All  
  • English
  • অসমীয়া

এইবাৰ আহোম জনগোষ্ঠীৰ ৰোষত বিধায়ক ভৰত নৰহ:প্ৰতিমূৰ্তিৰ ডিঙি হেংদাঙেৰে ঘপিয়াই প্ৰতিবাদ


Published on May 27, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

যুৱতীক যৌন অত্যাচাৰ:৫ অভিযুক্তৰ ফটো প্ৰকাশ


Published on May 27, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী,২৭মে':যোধপুৰত নাগালেণ্ডৰ এগৰাকী মহিলাই ভাড়াঘৰতে আত্মহত্যাৰ পথ বাচি লৈছিল।এখন ব্যক্তিগত ৰেষ্টুৰেণ্টত বিলিঙৰ কাম কৰিছিল মহিলাগৰাকীয়ে।আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো প্ৰেৰণ কৰিছে যদিও আত্মহত্যাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।একে সময়তে এগৰাকী যুৱতীক অকথ্য নিৰ্যাতনৰ ভিডিঅ’ ভাইৰেল হয় ছচিয়েল মিডিয়াত।

এগৰাকী যুৱতীক এটা বন্ধ কোঠাত আৱদ্ধ কৰি এগৰাকী মহিলাসহ পাঁচজন লোকে অতি বৰ্বৰভাৱে শাৰীৰিক অত্যাচাৰ কৰা এক ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।এইদৰে আক্ৰমণ কৰাৰ পিছত যুৱতীগৰাকীক দলৱদ্ধ ধৰ্ষণ কৰাৰ সন্দেহ কৰা হৈছে।

এই নাৰকীয় তথা বৰ্বৰ ঘটনাটোৰ ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে।উল্লেখযোগ্য যে,এই অপৰাধজনিত ভাইৰেল ভিডিঅ’ৰ তথ্য বিচাৰি পুৰস্কাৰ ঘোষণা কৰিছে অসম আৰক্ষীয়ে।

টুইটাৰযোগে অসম আৰক্ষীয়ে ৫ অভিযুক্তৰ ফটো প্ৰকাশ কৰি তেওঁলোকৰ বিষয়ে তথ্য থাকিলে অসম আৰক্ষীক জনাবলৈ আহ্বান জনাইছে।ইয়াৰ বিনিময়ত অসম আৰক্ষীয়ে ঘোষণা কৰিছে আকৰ্ষণীয় পুৰস্কাৰ।

অসম আৰক্ষীৰ হেণ্ডেলৰ পৰা কৰা ফটোসম্বলিত টুইটটোত লিখিছে, ‘‘এই ফটোসমূহ ৫ কালপ্ৰিটৰ যিয়ে এগৰাকী যুৱতীক নিৰ্যাতন চলোৱা দেখা গৈছে এটা ভাইৰেল ভিডিঅ’ত।এই ঘটনাৰ স্থান আৰু সময় স্পষ্ট নহয়। যদি কাৰোবাৰ সৈতে এই অপৰাধজনিত ঘটনা বা অভিযুক্তৰ সন্দৰ্ভত কোনো তথ্য আছে তেন্তে যোগাযোগ কৰক।তেওঁলোকক সুন্দৰ পুৰস্কাৰ দিয়া হ’ব।’’

most read news
    Cartoon
    View Older

     

    October 17, 2021


    Entertainment
    View Older

    North-East
    View Older

    From Our Archive

    Create Account