Cartoon
View Older
যোৰহাট,২৭মে’- অসমীয়া সাহিত্যৰ সমালোচক, কবি তথা যোৰহাট চোলাধৰাৰ নিবাসী ডঃ দিলীপ বৰুৱাৰ আজি পুৱা দেহাৱসান ঘটে।পশ্চিম বংগৰ বদ্ধমান বিশ্ববিদ্যালয়ৰ ইংৰাজী সাহিত্যৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা বহুকেইখন বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক হিচাপে কায'নিবাহ কৰা প্ৰতিথযশা সাহিত্যিক গৰাকীয়ে অসমীয়া সাহিত্য লৈ অনবদ্য অৰিহনা আগবঢ়াই গৈছে।
তেওঁ অসম সাহিত্য সভাৰ হাইলাকান্দি অধিবেশনৰ কবি সন্মিলনো সভাপতিত্ব কৰিছিল।
বিশিষ্ট সমালোচক, শিক্ষাবিদ ডঃ দিলীপ বৰুৱাৰ বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে। প্ৰয়াত শিক্ষাবিদগৰাকীৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ তেওঁ সমবেদনা জ্ঞাপন কৰে।
Comments