গুৱাহাটী, ২৯মে’- অলপতে ভাৰত চৰকাৰৰ বিশ্বৰ প্ৰভাৱশালী সামাজিক মাধ্যমৰ কোম্পানী কিছুমানৰ লগত নতুনকৈ ভাৰতত প্ৰৱৰ্তন কৰিবলৈ লোৱা তথ্য প্ৰযুক্তি নীতি ২০২১ৰ নিৰ্দেশাৱলী সম্পৰ্কে উদ্ভৱ হোৱা অসহজ পৰিস্থিতিৰ পিচত গুগল, ফেইচ বুক, হোৱট্ছএপ আদি সেই মৰ্মেই সৈমান হৈছে ভাৰতৰ বাবে অনুপালন বিষয়া (compliance officer) নিযুক্তি দিবৰ বাবে।
কেন্দ্রীয় চৰকাৰৰ ইলেকট্রনিক্স আৰু তথ্য প্রযুক্তি মন্ত্র্যালয়ে চ'ছিয়েল মিডিয়া মঞ্চসমূহক এই নতুন নিয়মাৱলী মানি চলাৰ বাবে তিনিমাহৰ সময় দিছিল।চ'ছিয়েল মিডিয়া মঞ্চসমূহক তিনিমাহ সময়ৰ ভিতৰত ভাৰতৰ বাবে অনুপালন বিষয়া (compliance officer) নিযুক্তি দিয়াৰ লগতে ৩৬ ঘণ্টাৰ ভিতৰত যিকোনো কণ্টেন্ট আঁতৰাই পেলাব পৰাকৈ এটা ওজৰ আপত্তি নিষ্পত্তিৰ প্ৰক্ৰিয়া স্থাপনৰ বাবে নিৰ্দেশ দিয়া হৈছিল। প্ৰয়োজন সাপেক্ষে প্ৰকাশ হোৱা তথ্যৰ মূল উৎস বিচাৰি উলিওৱাৰো ব্যৱস্থা বিচৰা হৈছিল।
এই ক্ষেত্ৰত আৰম্ভনিৰে পৰা আপত্তি দৰ্শাই থকা টুইটাৰে বাহিৰৰ এজন পৰামৰ্শদাতাৰ নাম দিছিল যদিও নতুন নীতিসমূহৰ সৈতে মিল নথকাত চৰকাৰে অগ্ৰাহ্য কৰে।
উক্ত তথ্য প্ৰযুক্তি নীতি ২০২১ৰ নিৰ্দেশাৱলী সম্পৰ্কে বাক-বিতণ্ডা চলি থকাৰ মাজতে হোৱট্ছএপ আৰু টুইটাৰ নিজা নিজা যুক্তিৰে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থও হৈছিল।
কিন্তু কালি অৰ্থাৎবৃহস্পতি বাৰে লিংকেডইন, টেলিগ্ৰাম, গুগল, ফেইচবুক আৰু হোৱট্ছএপ কোম্পানী কেইটাই কেন্দ্রীয় চৰকাৰৰ ইলেকট্রনিক্স আৰু তথ্য প্রযুক্তি মন্ত্র্যালয়ত নিজ নিজ অনুপালন বিষয়া (compliance officer), ন’ডেল সম্পৰ্কৰক্ষী বিষয়া আৰু ওজৰ আপত্তি নিষ্পত্তিৰ বিষয়া নিযুক্তিৰ সবিশেষ দাখিল কৰে। কূ আৰু শ্বেয়াৰচেট আদিৰ দৰে ভাৰতীয় কোম্পানীয়েও উক্ত নিৰ্দেশনা মতে বিষয়া নিযুক্তি দিয়ে।
সম্পৰ্কিত বাতৰিঃ হোৱাটছএপলৈ উত্তৰ- গোপনীয়তাৰ অধিকাৰ অকাট্য নহয়।
Comments