মনোৰঞ্জন মৰাণ: ২৯ মে’: আপুনি যদি ধূম্ৰপান কৰে তেনেহ’লে এই বদ অভ্যাস বিধ আজিয়েই এই মুহূৰ্ততে ত্যাগ কৰক। ধূম্ৰপায়ী লোক এজনৰ কৰ'না হ'লে ৰোগে অধিক জটিল ৰূপ ধাৰণ কৰে আৰু মৃত্যুৰ আশংকা দুগুণে বঢ়াই তোলে ।---- এই কথা বিশ্বৰ আগশাৰীৰ গৱেষণা পত্ৰ সমূহত প্ৰকাশ পাইছে।
ইপিনে, এই সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসক তথা অসম মেডিকেল কলেজ হস্পিতালৰ মেডিচিন বিভাগৰ প্ৰাধ্যাপক ডাঃ শ্ৰীমন্ত মাধৱ বৰুৱাই কয় যে, " ধূম্ৰপানে হাওঁফাওঁক দুৰ্বল কৰি পেলায় আৰু সেই দুৰ্বল হাওফাঁও যেতিয়া কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া তাৰ ক্ষতি ধূম্ৰপান নকৰা ৰোগী এজনৰ তুলনাত অত্যধিক হয়। ধূম্ৰপানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস কৰে।" -গতিকে সকলো ধঁপাত জাতীয় বস্তু পৰিহাৰ কৰাই শ্ৰেয়।
হাওফাঁও তথা শৰীৰক ৰোগৰ সৈতে যুঁজিব পৰাকৈ "ফিট" হৈ থকাটো এই মুহূৰ্তত অতি প্ৰয়োজনীয়। সমান্তৰাল ভাৱে নাক মুখ ঢাকি মাস্ক পিন্ধা, আৰু শাৰীৰিক দূৰত্ব বজাই ৰখাও অত আৱশ্যক। বেছি জৰুৰী নহ'লে ঘৰৰ পৰা বাহিৰলৈ নোলাৱাই সকলোৰে বাবে মংগল।
Comments