তিনিচুকীয়া, ২৯ মে’ - কৰ'না পৰিস্থিতিৰ বাবে ৰাজ্যত গাখীৰৰ ব্যৱসায় স্তব্ধ হৈ পৰিছে। মূৰে-কঁপালে হাত দিছে গাখীৰৰ বেপাৰীয়ে। কৰ'না পৰিবেশৰ বাবে দিনৰ ১১ বজালৈকে দোকান-পোহাৰ, বজাৰ খুলিব পাৰিব বুলি ঘোষণা কৰাৰ পিছতে গাখীৰৰ বেপাৰীক ভাতে মৰাৰ লেখীয়া হৈ পৰে। কিয়নো বহু গাখীৰৰ বেপাৰীয়ে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা নিতৌ পুৱা, দুপৰীয়া, বিয়লি গাখীৰ সংগ্ৰহ কৰি নগৰাঞ্চলৰ বৃহৎ বৃহৎ উদ্যোগ, হোটেল, দৈ-পনীৰৰ উদ্যোগ আদিত যোগান ধৰি আহিছিল।
কিন্তু কৰ'নাৰ বাবে এই সকলো বন্ধ হৈ পৰাত গাখীৰৰ ব্যৱসায় স্তব্ধ হৈ পৰে। পুৱাৰ সময়ত কিছু যোগান ধৰে যদিও পূৰ্বৰ দৰে গাখীৰ যোগান ধৰিব পৰা নাই। গাখীৰৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰী কৰিব নোৱাৰাৰ বাবে গাখীৰৰ প্ৰয়োজনো কমি আহিছে। ফলত গাখীৰ ব্যৱসায়ৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ইফালে, ক্ষুদ্ৰ গাখীৰৰ ব্যৱসায়ী সকলেও গাখীৰ বিক্ৰী কৰিব পৰা নাই। সে্যেহে গাখীৰৰ ব্যৱসায়ী সকল চৰম লোকচানৰ সন্মুখীন হৈছে।
Comments