Choose Language

  • All  
  • English
  • অসমীয়া

ভাৰতীয় নাগৰিকত্বৰ দাবী জনাই অ-মুছলমান শৰণাৰ্থীক আবেদনৰ আহ্বান গৃহ মন্ত্ৰণালয়ৰ


Published on May 30, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

তামুলপুৰৰ বিধায়ক লেহুৰাম বড়োৰ কভিডত মৃত্যু


Published on May 30, 2021|News Source : জনমভূমি

তামুলপুৰক্তঃ নিজা বাতৰি দিওঁতা, ২৯ মে’ক্তঃ  কভিডত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ  থকা তামুলপুৰৰ বিধায়ক লেহুৰাম বড়োৰ (৬৩) আজি পুৱা ৯-০৫ বজাত মৃত্যু হয়৷ লেহুৰাম বড়োৱে বিগত বিধানসভাৰ পূর্বে ইউ পি পি এলত যোগদান কৰি ৫৮ নম্বৰ এক পিঠিৰ পৰা  

তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰি বিপুল ভোটত জয়ী হৈছিল৷ বিধায়ক লেহুৰাম বড়োৱে ২১ মে’ৰ পৰা অনুষ্ঠিত হোৱা অসম বিধানসভাৰ অধিৱেশনত শপত গ্রহণো কৰিছিল৷ বিধানসভাৰ অধিৱেশনৰ সামৰণি পৰাৰ পাছত তামুলপুৰস্থিত নিজৰ ঘৰলৈকে আহি বিশ্রাম লৈ থাকোঁতে তেওঁ শাৰীৰিকভাৱে কিছু অসুস্থ হৈ পৰে৷

পূর্বৰে পৰা মধুমেহ আৰু হূদৰোগৰ সমস্যাত ভুগি থকা  বিধায়কজনে শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত ২৭ মে’ৰ পুৱা তামুলপুৰ প্রাথমিক চিকিৎসালয়ত  বিধায়কজনৰ স্বাস্থ্য পৰীক্ষা কৰাত কভিড পজিটিভ ধৰা পৰাৰ লগতে অক্সিজেনৰ মাত্রাৰো তাৰতম্য ধৰা পৰে৷ লগে লগে বিধায়কজনক উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ নিয়ে যদিও নিশালৈ  বিধায়কজনৰ ৰক্তচাপ বৃদ্ধি হৈ ব্রেইন ষ্ট্র’ক হোৱাত চিকিৎসকে আই চি ইউত ভর্তি কৰায়৷ যোৱা দুটা দিন চিকিৎসালয়ৰ আই চি ইউত  চিকিৎসাধীন হৈ থকা বিধায়কজনে আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে৷

বিধায়কজনৰ মৃত্যুৰ বাতৰি চৌদিশে বিয়পি পৰাত বিধায়কগৰাকীৰ তামুলপুৰৰ বাৰেইগাঁওস্থিত বাসভৱন গুণমুগ্ধৰে ভৰি পৰে৷ জি এম চি এইচৰ পৰা দুপৰীয়া বিধায়কগৰাকীৰ মৃতদেহ তামুলপুৰ আহি পাই যদিও বিধায়কগৰাকীৰ বাসভৱনৰ পৰা সোতৰ কিল’মিটাৰ দূৰৈৰ কুমাৰীকাটাৰ সমীপৰ কালানদীৰ পাৰত অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়৷ সম্পূর্ণ কভিড প্রট’কলৰ মাজেৰে তামুলপুৰ মহকুমা প্রশাসন আৰু ৰাজহ চক্র বিষয়া ৰূপকমল ৰাভাৰ নেতৃত্বত এটি দলে বিধায়কগৰাকীৰ  মৃতদেহৰ সৎকাৰ কার্য সমাপন কৰে৷ বিধায়কগৰাকীৰ বহু বছৰ পূর্বে পত্নীৰ মৃত্যু হোৱাত আজি দুজন পুত্রই বড়োৰ মুখাগ্নি কৰে৷

ইয়াৰ পূর্বে বিধায়কগৰাকীৰ চিতাত সামাজিক দূৰত্ব বজাই ৰাখি অসম চৰকাৰৰ হস্ততাঁত বস্ত্রশিল্প আৰু বি টি চি কল্যাণ বিভাগৰ মন্ত্রী ইউ জি ব্রহ্ম, মন্ত্রী অশোক সিংঘাল, বি টি চিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োসহ কেইবাগৰাকী কার্যবাহী সদস্য এম চি এল এ, বিজেপি, ইউ পি পি এলৰ নেতা-কর্মী, প্রাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে বিধায়কগৰাকীৰ প্রতি শেষ শ্রদ্ধা নিৱেদন কৰে৷ উল্লেখযোগ্য যে অবিভক্ত নলবাৰী জিলাৰ সুৱাগপুৰ নিৱাসী বগাৰাম বড়ো আৰু মংগলী বড়োৰ ঔৰসত ১৯৫৮ চনৰ ১ জানুৱাৰীত জন্মগ্রহণ কৰিছিল লেহুৰাম বড়োই৷

এটি দুখীয়া পৰিয়ালত জন্মলাভ কৰা লেহুৰাম বড়োই মোমায়েকৰ ঘৰতে থাকি পঢ়া-শুনা কৰিছিল৷ সৰুৰে পৰা মেধাসম্পন্ন লেহুৰাম বড়োই স্কুলীয়া জীৱন সুৱাগপুৰ প্রাথমিক বিদ্যালয়ত আৰম্ভ কৰি পৰৱর্তী সময়ত নাওকাটা হাইস্কুলৰ পৰা মেট্রিক পাছ কৰি কটন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছিল৷ কিছুদিন ভোলাঝাৰ হাইস্কুলত শিক্ষকতা আৰম্ভ কৰা লেহুৰাম বড়োৱে পাছত তামুলপুৰ উচচতৰ মাধ্যমিক বিদ্যালয়ত আহি শিক্ষক হিচাপে যোগদান কৰে৷ শিক্ষকতা কৰি থকা সময়তে বড়োৱে ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰি পৰৱর্তী সময়ত তামুলপুৰ উচচতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ বিষয় শিক্ষক হিচাপে পদোন্নতি লাভ কৰে৷

পৰৱর্তী সময়ত শিক্ষকতা বাদ দি ১৯৯০ চনত  খণ্ড উন্নয়ন বিষয়া হিচাপে অসমৰ বিভিন্ন জিলাত কর্মজীৱন পাৰ কৰি ২০১৭ চনত এগৰাকী জ্যেষ্ঠ উন্নয়ন খণ্ড বিষয়া হিচাপে অৱসৰ গ্রহণ কৰিছিল৷ লেহুৰাম বড়ো এগৰাকী সাংস্কৃতিক কর্মীৰ লগতে এগৰাকী সুদক্ষ কুইজ পৰিচালক, ক্রিকেট আম্পায়াৰ তথা এগৰাকী সুদক্ষ মেণ্ডোলীন বাদকো আছিল৷ তামুলপুৰৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ জন্মদাতা লেহুৰাম বড়ো তামুলপুৰৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ আছিল৷ ইফালে লেহুৰাম বড়োৰ শেষকৃত্য সম্পন্ন কৰাৰ পাছত তামুলপুৰস্থিত ঘগ্রাচকত থকা তেওঁৰ নিজৰ মাটিত ইউ পি পি এল আৰু তামুলপুৰৰ  বিভিন্ন দল-সংগঠনৰ উদ্যোগত এটা ৰাজহুৱা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে৷

শ্রদ্ধাঞ্জলি অনুষ্ঠানত  িব টি চিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো, মন্ত্রী অশোক সিংঘাল, ইউ জি ব্রহ্ম, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিধায়ক লৰেন্স ইছলাৰী, বাক৲সা জিলাৰ উপায়ুক্ত আয়ুস গার্গ, আৰক্ষী অধীক্ষক ৰাজেন সিং, তামুলপুৰৰ মহকুমাধিপতি বেদাংগ তালুকদাৰ, এবছুৰ সভাপতি দ্বিপেন বড়ো প্রমুখ্যে তামুলপুৰৰ দল-সংগঠনে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু শোকসন্তপ্ত পৰিয়ালবর্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে৷

ইপিনে বিধায়কগৰাকীৰ মৃত্যুত বি টি চিৰ কার্যবাহী সদস্য ৰণেন্দ্র নার্জাৰী, এম চি এল এ বিজিৎ গৌৰা নার্জাৰী, মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভা, বি টি চিৰ প্রাক্তন কার্যবাহী সদস্য দেবেন বড়ো, আছুৰ কেন্দ্রীয় সমিতিৰ ক্রীড়া সম্পাদক পূর্ণ ডেকা, তামুলপুৰ প্রেছ ক্লাব, বি টি এ ডি সাংবাদিক সন্থা, বাক৲সা জিলা সাহিত্য সভা, তামুলপুৰ জিলা বড়ো সাহিত্য সভা, তামুলপুৰ  আঞ্চলিক ছাত্র সন্থা, এবছু, আৰছু, আক্রাছু, আছা, আটছা, আগছু, শৰণীয়া ছাত্র সন্থা, এ বি এমছু, তামুলপুৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক মঞ্চ আদি বহু দল-সংগঠনে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ বড়োৰ মৃত্যুত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি বহু দল-সংগঠনেও গভীৰ শোক প্রকাশ কৰে৷

 

most read news
    Cartoon
    View Older

     

    October 17, 2021


    Entertainment
    View Older

    North-East
    View Older

    From Our Archive

    Create Account