সোণাৰি, ২৮ মে’ : চৰাইদেউ জিলাৰ সোণাৰিত আজি অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হয়। মন্ত্ৰী জনে পোনপ্ৰথমে ৰজাপুখুৰীত নিৰ্মীয়মান হৈ থকা জিলা চিকিৎসালয়খন পৰিদৰ্শন কৰে আৰু অহা জুন মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সমাপ্ত কৰিবলৈ সংশ্লিষ্ট বিভাগীয় বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে। ইয়াৰ লগতে মন্ত্ৰী জনে ৰজাপুখুৰীস্থিত অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ সকলৰ লগত বাৰ্তালাপত মিলিত হৈ জিলাখনৰ সামগ্ৰীক পৰিস্থিতিৰ বুজ লয়।
অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য অঞ্চল উন্নয়ন, খনি আৰু খনিজ পদাৰ্থ বিভাগৰ মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে চৰাইদেউ জিলাৰ উপায়ুক্ত বিনীতা পেগুৱেও মন্ত্ৰী জনৰ লগত উপস্থিত থাকি সামগ্ৰীক পৰিস্থিতিৰ সন্দৰ্ভত বুজ লয়।
ইয়াৰ পিছত চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুস্থিত ক'ভিড-১৯ সন্দৰ্ভত এক পৰ্যালোচনা সভাত মন্ত্ৰী জনে অংশগ্ৰহণ কৰি সমগ্ৰ চৰাইদেউ জিলাৰ সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ বুজ লয় আৰু জিলা প্ৰশাসন, পুলিচ প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকলক ক'ভিড সংক্ৰমণ ৰোধ কৰাৰ ব্যৱস্থা লোৱাৰ ওপৰত সৰ্বাত্মক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।
উক্ত সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে চৰাইদেউ জিলাৰ ৰাজহ চক্ৰকেইটাক সামৰি ৰাজহ চক্ৰ পৰ্যায়ত ক'ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। চাহ বাগিচা অঞ্চলত ক'ভিড-১৯ ৰ পৰীক্ষা কৰাৰ লগতে জিলাখনত চিকিৎসক নিয়োগ কৰিবলৈও উক্ত সভাত উপস্থাপন কৰে। সভাত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য অঞ্চল উন্নয়ন, খনি আৰু খনিজ পদাৰ্থ বিভাগৰ মন্ত্ৰী যোগেন মহন আৰু সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে চৰাইদেউ জিলাৰ উপায়ুক্ত বিনীতা পেগুৱেও নিজ বক্তব্য ৰাখে।
সভাৰ আৰম্ভণিতে জিলাখনত ক'ভিড-১৯ সন্দৰ্ভত প্ৰস্তুত কৰা এক পাৱাৰ পইণ্ট প্ৰেজেনণ্টেশ্যন প্ৰদৰ্শন কৰা হয়।
Comments