গুৱাহাটী,২৯ মে': মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত নগা দুৰ্বৃত্তৰ অপ্ৰৰোচিত গুলীচালনাৰ পিছত, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ঘটনাটোৰ বিশেষ তদন্তৰ বাবে আৰক্ষী সঞ্চালক জি পি সিঙক দিচৈ উপত্যকালৈ প্ৰেৰণ কৰে। ডিজিপি সিঙে অসম আৰু নগালেণ্ডৰ আৰক্ষী বিষয়া সকলৰ সৈতে উক্ত স্থান পৰিদৰ্শন কৰে আৰু সমগ্ৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে।
উক্ত ঘটনা সন্দৰ্ভত জিপি সিঙে কয় যে, তেওঁ মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশনা মৰ্মে বিষয়টো তদন্ত কৰিবলৈ উপস্থিত হৈছেহি। আনহাতে দিচৈ উপত্যকাৰ ভূমি বেদখল সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত ইতিমধ্যে এটা গোচৰ চলি আছে বুলি আৰক্ষী সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়ে।
উচ্চতম ন্যায়ালয়ৰ প্ৰট’কল উলংঘা কৰি সংৰক্ষিত বনাঞ্চলত নগালেণ্ডৰ লোকসকলে বেদখল কৰি অহা বিষয়ৰ ওপৰত আৰক্ষী বিভাগে এক বিস্তৃত আলোচনা কৰে বুলি জি পি সিঙে জনোৱাৰ লগতে কয় যে বেদখলকাৰী নগা লোকসকলক শীঘ্ৰে অঞ্চলটোৰ পৰা আঁতৰি যাবলৈ দৃঢ়ভাৱে পৰামৰ্শ দিয়া হৈছে।
আনহাতে ৩০ মে' তাৰিখে দিচৈ উপত্যকাৰ ভূমি বেদখলৰ বিষয় সন্দৰ্ভত সকলো আৰক্ষী বিষয়াকে ধৰি দণ্ডাধীশৰ সৈতে এক জৰুৰীকালীন বৈঠক অনুষ্ঠিত কৰিব বুলি সিঙে কয় আৰু লগতে সিঙে দুয়োখন ৰাজ্যৰ আৰক্ষী বিভাগে ৰূপজ্যোতি কুৰ্মীৰ ওপৰত চলা নগা দুৰ্বৃত্তৰ আক্রমণ সন্দৰ্ভত তাৎক্ষণিক ভাৱে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে।
অসম আৰক্ষী সঞ্চালক গৰাকীয়ে কয় যে, বেদখল আৰু উচ্চতম ন্যায়ালয়ৰ আদেশ উলংঘনৰ বিষয়ে উপায়ুক্ত আৰু আৰক্ষী বিষয়া সকলে তাৎক্ষণিক ভাৱে অসম চৰকাৰক আনুষ্ঠানিক তথ্য প্ৰদান কৰিব। নগালেণ্ডৰ আৰক্ষী বিভাগ আৰু দণ্ডাধীশে এতিয়াৰে পৰা উচ্চতম ন্যায়ালয়ৰ আদেশ মানি চলিবলৈ সন্মত হয় আৰু উক্ত জৰুৰীকালীন বৈঠকৰ অন্তত আৰক্ষী বিভাগে নিৰ্দিষ্ট কাৰ্যপন্থা হাতত ল'ব।
Comments