গুৱাহাটী, ২৯ মে’- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় যে, অসম চৰকাৰে ১০০ খন আই চি ইউ সংলগ্ন বিছনা আৰু ২০০ খন অক্সিজেনৰ সুবিধা বিশিষ্ট বিচনাসহ মুঠ ৩০০ খন বিচনাযুক্ত এখন কভিড হস্পিতাল নির্মাণৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO) ৰ সৈতে ইতিপূর্বে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে।
কালি মুখ্যমন্ত্ৰী গৰাকীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম পৰিদৰ্শন কৰি প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাই তাত স্থাপন কৰিবলগীয়া ৩০০ বিচনাযুক্ত কভিড চিকিৎসালয়খনৰ নির্মাণ কাৰ্যৰ বুজ লয়।
শ্রীশৰ্মাই কয় যে, সংস্থাটোৱে জুন মাহৰ প্রথম সপ্তাহত চিকিৎসালয়খন ৰাজ্য চৰকাৰৰ হাতত চমজাই দিয়াৰ সম্ভাৱনা আছে।কম সময়ৰ ভিতৰতে এই প্রকল্পৰ কাম সম্পূর্ণ কৰাৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাক তেওঁ ধন্যবাদ জনায়। তেওঁ লগতে কয় যে, এই চিকিৎসালয়খনে কভিড চিকিৎসাৰ প্ৰাথমিক সা-সুবিধাসমূহ সুদৃঢ় কৰি তােলাত সহায় কৰিব।
Comments