গুৱাহাটী, ৩১মে': ডুবাইত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলত ৬ বাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰী কমে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
মেৰী কমে ২-৩ ৰ বিভাজিত পইন্টত কাজাখস্তানৰ নাজিম কিজাইবেৰ বিৰুদ্ধে যুঁজত পৰাজিত হয়। চলিত সপ্তম সংস্কৰণত প্ৰতিযোগিতাখনত মেৰী কমে ৰূপৰ পদকতেই সন্তুষ্ট হ'বলগীয়া হয়। মেৰী কমে ২০০৩ চনত পোণপ্ৰথম বাৰৰ জয়ী হৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলৰ অন্তিম ৰাউণ্ডত, মেৰী কমে কঠোৰ যুঁজ দিয়ে যদিও পৰ্যাপ্ত অনুযায়ী পইন্ট পাবলৈ সক্ষম নহ'ল। মেৰী কমে পুৰস্কাৰ স্বৰূপে ৫,০০০ ডলাৰ আৰু বিজয়ী প্ৰতিদ্বন্দী কিজাইবেয়ে ১০,০০০ ডলাৰ লাভ কৰিবলৈ সক্ষম হয়।
কিজাইবে দুবাৰবিশ্ব চেম্পিয়ন আৰু ছয়বাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন খেলুৱৈ আছিল। ইয়াৰ পূৰ্বে মেৰীয়ে ছেমি ফাইনেলত মঙ্গোলিয়াৰ লুটাচাইখানক ৪-১পইন্টত পৰাস্ত কৰি চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হৈছিল।
আনহাতে আজি ৩ গৰাকী পুৰুষ বক্সাৰ অমিত পাংঘাল (৫২ কিলোগ্ৰাম), শিৱ থাপা (৬৪ কিলোগ্ৰাম) আৰু সঞ্জিতে (৯১ কিলোগ্ৰাম) চূড়ান্ত খেলত যুঁজ দিব।
Comments